উচ্চতম ন্যায়ালয়ৰ সকাহ! সাংসদ পদ ঘূৰাই পাবলৈ কি কৰিব লাগিব ৰাহুল গান্ধীয়ে ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ উচ্চতম ন্যায়ালৰ। গুজৰাট উচ্চ ন্য়ায়ালয়ৰ স্থগিতাদেশ জাৰি কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ৰ সকাহ! সাংসদ পদ ঘূৰাই পাবলৈ কি কৰিব লাগিব ৰাহুল গান্ধীয়ে ?

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ উচ্চতম ন্যায়ালৰ। গুজৰাট উচ্চ ন্য়ায়ালয়ৰ স্থগিতাদেশ জাৰি কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। শুকুৰবাৰে হোৱা শুনানিত ন্যায়ালয়ে কয় যে পৰৱৰ্তী শুনানি পৰ্যন্ত কংগ্ৰেছ নেতা গৰাকীৰ সাংসদ পদ বাহাল থাকিব ।

Advertisment

অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। শুনানি সম্পূৰ্ণ নোহোৱালৈকে স্থগিতাদেশ বাহাল থাকিব। ন্যায়াধীশ বি আৰ গাভী, ন্যায়াধীশ পি ভি নৰসিমহা ৰাওৰ আদালতত এই শুনানি হয়।

ন্যায়ালয়ে কয় যে, ৰাহুল গান্ধীয়ে কৰা মন্তব্য ঠিক নহয়। তেওঁ ভৱিষ্যতে এনে মন্তব্য কৰাৰ পৰা বিৰত থকা উচিত। লগতে কয় যে, কাৰোবাৰ অযোগ্যতাই কেৱল ব্যক্তিৰ অধিকাৰৰ ওপৰতেই প্ৰভাৱ পেলায় নহয়, ভোটাৰসকলৰ ওপৰতো প্ৰভাৱ পেলায়।

ন্যায়ালয়ৰ এই ৰায়ৰ পাছত কংগ্ৰেছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কংগ্ৰেছে কৈছে যে, সত্যৰ জয় হ'বই। ন্যায়ালয়ৰ ৰায়ৰ বাবে ধন্যবাদ জনাই কংগ্ৰেছে।

যদিহে ন্যায়ালয়ক এই ৰায় বাহাল থাকে তেন্তে সাংসদ পদ ঘূৰাই পাব গান্ধীয়ে। এই সিদ্ধান্তৰ পিছত ৰাহুল গান্ধীয়ে লোকসভা সচিবালয়ক প্ৰতিবেদন দিব লাগিব। ইয়াত, উচ্চতম ন্যায়ালয়ৰ আজিৰ আদেশৰ কথা উল্লেখ কৰি লোকসভাৰ সদস্যপদ পুনৰুদ্ধাৰ কৰিবলৈ অনুৰোধ কৰিব পাৰিব।

ইয়াৰ পিছত লোকসভা সচিবালয়ৰ বিষয়াসকলে আদেশটো অধ্যয়ন কৰিব। তাৰপাছত গান্ধীয়ে সাংসদ পদ ঘূৰাি পাব। এই প্ৰক্ৰিয়া শীঘ্ৰেই কৰা আৱশ্যক।

উল্লেখ্য যে, ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে 'মোডী উপাধি' সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। সকলো মোডী চোৰ বুলি কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল।

ৰাহুল গান্ধীক চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সাংসদৰ পদ বাতিল কৰা হৈছিল। লগতে তেওঁ তেওঁৰ চৰকাৰী বাংলো খালী কৰিব লগা হৈছিল।

তাৰপাছতে এই ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী। গুজৰাট উচ্চ ন্যায়ালয়ে চুৰাট আদালতৰ ৰায় বাহাল ৰখাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী।

Also Read: ৰাহুল গান্ধীলৈ সকাহ উচ্চতম ন্য়য়ালয়ৰ! শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বাহাল থাকিব সাংসদ পদ

congress rahul gandhi