ৰাহুল গান্ধীলৈ সকাহ উচ্চতম ন্য়য়ালয়ৰ! শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বাহাল থাকিব সাংসদ পদ

ৰাহুল গান্ধীলৈ সকাহ উচ্চতম ন্য়য়ালয়ৰ! শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বাহাল থাকিব সাংসদ পদ

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ। সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতাগৰাকীয়ে। উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি পৰ্যন্ত সাংসদ পদ বাহাল থাকিব ৰাহুল গান্ধীৰ। শুকুৰবাৰে এই ৰায়দান কৰে ন্যায়ালয়ে।

গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানত স্থগিতাদেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ।মোডী উপাধিৰ বিবাদত ২ বছৰৰ কাৰাদণ্ড দিছিল ছুৰাট আদালতে। পৰৱৰ্তী সময়ত সেই ৰায়লৈ উচ্চ ন্য়ায়ালয়ৰ আৰু পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী। সাংসদ পদ ঘূৰাই পোৱাৰ সম্ভাৱণা ৰাহুল গান্ধীৰ।অন্তৱৰ্তীকালীন নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

শুনানি সম্পূৰ্ণ নোহোৱালৈকে স্থগিতাদেশ বাহাল থাকিব। ন্যায়াধীশ বি আৰ গাভী, ন্যায়াধীশ পি ভি নৰসিমহা ৰাওৰ আদালতত শুনানি।ৰাহুলৰ হৈ আদালতত যুক্তি প্রদৰ্শন অভিষেক মনু সিংভিৰ।

উল্লেখ্য যে, এক সভাত মোডী উপাধিৰ ওপৰত এক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। তাৰ পাছতে এগৰাকী বিজেপি নেতাই ৰাহুল গান্ধীৰ ওপৰত গোচৰ ৰুজু কৰিছিল।

ৰাহুল গান্ধীলৈ সকাহ উচ্চতম ন্য়য়ালয়ৰ! শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বাহাল থাকিব সাংসদ পদ
কোকৰাঝাৰ কেঞ্চাৰ হাস্পাতাল পৰিদৰ্শন হাগ্ৰামা মহিলাৰীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in