/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/935f1a41-1496-4cd3-a93f-60dfc632f342/30_LAKH.jpg)
নলা, নৰ্দমা চাফা কৰাৰ সময়ত শ্ৰমিকৰ মৃত্যু হ'লে চৰকাৰে দিব লাগিব ৩০ লাখ টকাৰ ক্ষতিপূৰণ...
ডিজিটেল ডেস্কঃ দেশত এজনৰ পাছত আন এজনকৈ নলা, নৰ্দমা পৰিস্কাৰ কৰা, মেনহল পৰিস্কাৰ কৰা শ্ৰমিকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিৰ ওপৰত দেশৰ উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। সেই অনুসৰিয়েই কেন্দ্ৰীয় চৰকাৰক এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে শীৰ্য ন্যায়ালয়ে।
ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্ট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ দুজনীয়া বেঞ্চে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দি কৈছে, নলা, নৰ্দমা পৰিস্কাৰ কৰাৰ সময়ত কোনো শ্ৰমিকৰ যদি মৃত্যু হয় তেন্তে সেই চাফাইকৰ্মীৰ পৰিয়ালক ৩০ লাখ টকা ক্ষতিপূৰণ দিব লাগিব চৰকাৰে।
দেশৰ বিভিন্ন প্ৰান্তত নলা পৰিষ্কাৰ কৰোঁতে এতিয়াও চাফাই কৰ্মীৰ মৃত্যু হৈয়ে আছে। ২০২২ চনৰ জুলাই মাহত সংসদত দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, যোৱা পাঁচ বছৰত কৰ্তব্যৰত অৱস্থাত ৩৪৭ জন চাফাই কৰ্মীৰ মৃত্যু হৈছে।
উত্তৰ প্ৰদেশ, তামিলনাডু আৰু দিল্লীতে এনে ৪০ শতাংশ ঘটনা সংঘটিত হয়। উচ্চতম ন্যায়ালয়ত চাফাই কৰ্মচাৰীৰ সুৰক্ষা সম্পৰ্কীয় এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন দাখিল কৰা হৈছিল। ইয়াৰ শেহতীয়া শুনানিৰ সময়ত, শীৰ্ষ ন্যায়ালয়ে ক্ষতিপূৰণৰ নিৰ্দেশ দিছে।
আনহাতে, যদি চাফাইকৰ্মীয়ে নলা, নৰ্দমাত কাম কৰি থকাৰ অৱস্থাত কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হয়, আৰু সেই সমস্যা আজীৱন ভূগিব লগা হয়, তেন্তে চৰকাৰে তেওঁক বা তেওঁৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব। যদি চাফাইকৰ্মীজন সামান্য শাৰীৰিক সমস্যাৰ সন্মুখীন হয়, ক্ষতিপূৰণ হিচাপে দিব লাগিব ১০ লাখ টকা।ইয়াৰোপৰি উচ্চতম ন্যায়ালয়ে আন কেইবাটাও আদেশ প্ৰদান কৰিছে।
Also Read: আজি মহাসপ্তমীঃ কামাখ্যা ধামত হ'ব পঞ্চবলি, সাজু ৬ টাকৈ ম'হো...