আজি মহাসপ্তমীঃ কামাখ্যা ধামত হ'ব পঞ্চবলি, সাজু ৬ টাকৈ ম'হো...

আজি মহাসপ্তমীঃ  কামাখ্যা ধামত হ'ব পঞ্চবলি, সাজু ৬ টাকৈ ম'হো...
আজি মহাসপ্তমীঃ কামাখ্যা ধামত হ'ব পঞ্চবলি, সাজু ৬ টাকৈ ম'হো...

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত দেৱা আৰধনাত ব্যস্ত শক্তিৰ উপাসকসকল। বিল্ববোধনৰ পিছতে শুকুৰবাৰে পৰাম্পৰাগত ৰীতি নীতিৰে বেদীত প্ৰতিষ্ঠা হ'ল দেৱী দুৰ্গা । আজি অৰ্থাৎ শনিবাৰে মহা সপ্তমী পূজা ।

কালৰাত্ৰি ৰূপত পূজিত হ'ব দেবী দশভুজা । বৈদিক ৰীতি নীতিৰে দেৱী দুৰ্গাৰ নৱপ্ত্ৰিকা প্ৰৱেশ,স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ আৰম্ভ হ'ব ।

পঞ্জিকাৰ নিয়ম অনুসৰি শুক্ৰবাৰে পুৱা ৬ বাজি ৫৩ মিনিট ২০ ছেকেণ্ডৰ পাছত আৰু ৯ বাজি ১২ মিনিট ৪২ ছেকেণ্ডৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ,স্থাপন আৰু সপ্তমী বিহিত পূজা আৰম্ভ হ'ব । নিশা ১০ বাজি ৪৫ মিনিট ৩৮ ছেকেণ্ড যোৱাৰ পৰা১১ বাজি ৩৩ মিনিট ৩৮ ছেকেণ্ডৰ বিতৰত দেৱীৰ অৰ্ধৰাত্ৰ বিহিত পূজা আৰম্ভ হ'ব ।

সপ্তমী পূজা উপলক্ষে ৰাজ্যৰ শক্তিপীঠ,দেৱীপীঠ, দেৱালয় সমূহত ভিন্ন প্ৰকাৰৰ বলিও সম্পন্ন হ'ব । দেশৰে উল্লেখনীয় শক্তিপীঠ কামাখ্যা ধামত সম্পন্ন হ'ব পৰম্পৰাগত গট পূজা।

কামাখ্যাত শাৰদীয় দুর্গ পূজাৰ আৰম্ভণিৰ পৰা দেৱীলৈ বুলি আগবঢ়াই অহা হৈছে ছাগলী, পাৰ, কুঁহিয়াৰ, কচু আৰু কোমোৰাৰ পঞ্চবলি। সেয়ে নিয়ম অনুসৰিয়েই আজি মহাসপ্তমীৰ দিনটোত কামাখ্যা ধামত পঞ্চবলিৰ লগতে আগবঢ়োৱা হ'ব ম'হ বলি।

আজি কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ ফালৰ পৰা এটা ম'হ বলি দিয়াৰ লগতে অন্যান্য ভক্তই প্রায় ৫ টা ম'হ বলি আগবঢ়াব বুলি জনা গৈছে। তদুপৰি সম্পন্ন হ'ব কুমাৰী পূজা।

নলবাৰী জিলাৰ বেলশৰৰ ঐতিহ্যমণ্ডিত বিলেশ্বৰ দেৱালয়তো আজি মহাসপ্তমী উপলক্ষে দেৱীলৈ আগবঢ়োৱা হ'ব হাঁহ, পাৰ, ছাগলী, কোমোৰা আদিৰ বলি। গুৱাহাটী মহানগৰীৰ উগ্ৰতাৰা দেৱালয়তো আজি সপ্তমী উপলক্ষে আগবঢ়োৱা হ'ব পঞ্চবলি।

ৰাজ্যৰ আন কিছুমান দেৱীপীঠ, শক্তিপীঠতো মহাসপ্তমী উপলক্ষে বলিদানৰ আয়োজন কৰাৰো বাতৰি আহিছে। পাণবজাৰৰ সনাতন হৰিসভা, মঙলদৈৰ দৰঙী ৰাজহাউলিৰ পূজা, ধুবুৰীৰ মহামায়া থান, গৌৰীপুৰৰ ৰাজপৰিয়ালৰ পূজা, বঙাইগাঁৱৰ বাঘেশ্বৰী মন্দিৰ, ঢকুৱাখনাৰ হাৰ্হি দেৱালয় আদিতো সম্পূৰ্ণ পৰম্পৰাগত প্ৰথাৰে আৰম্ভ হৈছে শাৰদীয় দুর্গা পূজা।

ঢাক-ঢোলৰ লগতে কামৰূপীয়া ঢুলীয়াৰ বাজনা, কালী পেঁপা, শংখ-ঘণ্টা, তাল আদিৰ ঐক্যতান আদিৰে মুখৰ এক পৰিবেশৰ মাজত পূজাথলীসমূহত আৰম্ভ হৈছে আয়তীৰ নাম, গোসাঁনীৰ নাম, নাগাৰা নাম, ওজাপালি নৃত্য-গীত আদিৰ অবিৰত প্ৰদৰ্শন। ইয়াৰ লগতে পূজাথলীত পুতলা নাচ, যাত্রা-নাট্যাভিনয় আদিৰো প্ৰদৰ্শন চলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in