কংগ্ৰেছৰ বৃহৎ জয়! সাংসদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে...

কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ। সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা গৰাকীয়ে। উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে সাংসদ খাৰিজৰ নিৰ্দেশনা।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছৰ বৃহৎ জয়! সাংসদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ। সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা গৰাকীয়ে। উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে সাংসদ খাৰিজৰ নিৰ্দেশনা।এই খবৰে কংগ্ৰেছ শিবিৰত আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে।

Advertisment

এই ৰায়ৰ পাছতে এতিয়া ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত। এয়া ৰাহুল গান্ধীৰ বাবে এক বৃহৎ জয় বুলি কব পাৰি।

উল্লেখ্য যে, ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে 'মোডী উপাধি' সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। 'সকলো মোডী চোৰ' বুলি কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল।

ৰাহুল গান্ধীক চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সাংসদৰ পদ বাতিল কৰা হৈছিল। লগতে তেওঁ তেওঁৰ চৰকাৰী বাংলো খালী কৰিব লগা হৈছিল।

তাৰপাছতে এই ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী। গুজৰাট উচ্চ ন্যায়ালয়ে চুৰাট আদালতৰ ৰায় বাহাল ৰখাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী। আৰু অৱশেষত আজি উচ্চতম ন্যায়ালয়ে সকাহ দিলে ৰাহুল গান্ধীক।

Also Read: ৰাজ্যসভাত NDAৰ অগ্নিপৰীক্ষাঃ আজি উত্থাপন হ’ব বিতৰ্কিত দিল্লী সেৱা বিধেয়ক

rahul gandhi supreme court