ডিজিটেল ডেস্কঃ গ্ৰীণ ফিল্ড বিমান বন্দৰ নিৰ্মাণৰ বাবে শিলচৰৰ ডলু চাহ বাগিচাত উচ্ছেদ কৰাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ আদেশ বাতিল কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। আজি এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন জে বি পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰাৰ তিনিজনীয়া বিচাৰপীঠে।
গোচৰটোৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে লক্ষ্য কৰে যে, ডলু চাহ বাগিচাত পৰিবেশগত অনুমোদন অবিহনে যিবোৰ উচ্ছেদ কাৰ্য চলিছে সেইবোৰে পৰিবেশগত প্ৰভাৱ মূল্যায়ন অধিসূচনা-২০০৬ উলংঘন কৰিছে।
ন্যায়ালয়ে ডলু চাহ বাগিচাত পৰিবেশগত প্ৰভাৱ মূল্যায়ন অধিসূচনাৰ ব্যাপক উলংঘন কৰা বুলি উল্লেখ কৰি কয়, অসমে কৈছে যে, এটা অসামৰিক বিমান বন্দৰ স্থাপন কৰাৰ প্ৰয়োজন আছে। বিমানবন্দৰটো ক’ত নিৰ্মাণ কৰিব লাগে সেই সিদ্ধান্ত নীতিগত বিষয়। কিন্তু যেতিয়া আইনে কাৰ্যকলাপ সম্পাদন কৰাৰ বাবে নিৰ্দিষ্ট নিয়ম নিৰ্ধাৰণ কৰে তেতিয়া আইনৰ ব্যৱস্থাৱলী পালন কৰিব লাগিব। কিন্তু আজিলৈকে কোনো পাৰিপাৰ্শ্বিক অনুমোদন জাৰি কৰা হোৱা নাই।
উল্লেখ্য যে, নেচনেল গ্ৰীণ ট্ৰিবিউনেলৰ পূব জোনেল বিচাৰপীঠে আদেশ দিছিল যে,২০০৬ চনৰ অধিসূচনা উলংঘা কৰি কোনো কাৰ্যকলাপ সম্পন্ন কৰিব নালাগে। ন্যায়ালয়ে লগতে উল্লেখ কৰিছে যে, নেচনেল গ্ৰীণ ট্ৰিবিউনেলে এই আবেদনক গুৰু্ত্ব নিদি নিজৰ কৰ্তব্য ত্যাগ কৰিছিল।
স্মৰ্তব্য, ন্যায়ালয়ে নেচনেল গ্ৰীণ ট্ৰিবিউনেলে ৪১ লাখ চাহ গছ কাটিবলৈ ২৫ মাৰ্চত দিয়া নিৰ্দেশৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ সন্মুখত আবেদনখনত কোৱা হৈছিল যে, পৰিৱেশগত প্ৰভাৱ মূল্যায়ন প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছিল আৰু বিমানবন্দৰৰ বাবে পাৰিপাৰ্শ্বিক ক্লিয়াৰেঞ্চ প্ৰদান কৰা হোৱা নাছিল। আজিৰ শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে পাৰিপাৰ্শ্বিক ক্লিয়াৰেন্স নোপোৱালৈকে স্থিতি বজাই ৰখাৰ পৰামৰ্শ দিছে।
গোচৰটোৰ সময়ত দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আৱেদনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কয়, কিছু আবেদনকাৰী যি বাগানৰ পৰা ১৩০০ কিলোমিটাৰ আঁতৰৰ তেওঁলোকেও স্ব-সেৱা আবেদন (self-serving petitions) দাখিল কৰিছে। তেওঁ যুক্তি দি কয়, যে, নিৰ্দিষ্ট স্থানৰ চাহ শ্ৰমিকসকলেও ঘৰুৱা স্বাৰ্থত গছসমূহ কাটিছে।
ইফালে মুখ্য ন্যায়াধীশগৰাকীয়ে জিলা আইনী সেৱা প্ৰধাকিৰৰণৰ সচিবৰ এক প্ৰতিবেদনৰ ওপৰত লক্ষ্য ৰাখি কয় যে, গধূৰ যন্ত্ৰপাতিৰ দ্বাৰা চাহৰ জোপোহা গছ উচ্ছেদ কৰা হৈছিল আৰু ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত বিষয়াই ডাঠ বন আৰু বন্যপ্ৰাণীৰ ভাবুকিৰ বাবে দূৰলৈ যাব নোৱাৰিলে। ইয়াৰ পিছতে ছলিচিটৰ জেনেৰেলগৰাকীয়ে কিছুমান দৃশ্য দেখুৱাই আদালতৰ দৃষ্টি আকৰ্ষণ কৰে আৰু অভিযোগ কৰে যে, ন্যায়ালয়ক আবেদনকাৰীসকলে বিপথে পৰিচালিত কৰিছে। এনে যুক্তিৰ মাজতে ন্যায়ালয়ে পাৰিপাৰ্শ্বিক প্ৰভাৱ মূল্যায়নৰ প্ৰতিবেদন উপলব্ধ নোহোৱালৈকে কোনো পদক্ষেপ নল’বলৈ পৰামৰ্শ আগবঢ়াইছে।
ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ক আবেদনকাৰীয়ে বিপথে পৰিচালিত কৰা বুলি দাবী কৰি কয়, এই আদালতৰ অধিকাৰক্ষেত্ৰৰ অপব্যৱহাৰ কৰা হৈছে। তথাকথিত বিশেষজ্ঞগৰাকীয়ে আনকি ঠাইখন পৰিদৰ্শনেই কৰা নাই।
ইফালে আবেদনকাৰীসকলৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণে ন্যায়ালয়ক কয়, জোপোহাৰ সৈতে গছবোৰ কটা হৈছে। ৪১ লাখ জোপোহা চাহ গছ কাটি পেলোৱাৰ কথা স্বীকাৰ কৰিছে। যুটীয়া সচিবৰ শপতনামাত মিছা মন্তব্য দিয়া হৈছে বুলিও তেওঁ দাবী কৰিছে। তেওঁ কয়, এই ক্ষেত্ৰত সামাজিক প্ৰভাৱ মূল্যায়ন কৰাৰো প্ৰয়োজন আছিল। নতুন ভূমি অধিগ্ৰহণ আইন অনুসৰি শ্ৰমিকসকল প্ৰভাৱিত ব্যক্তি।
ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ সময়ত লক্ষ্য কৰি কয়, চাহ বাগিচাখনৰ উচ্ছেদ পৰিৱেশগত প্ৰভাৱ মূল্যায়ন অধিসূচনাৰ উলংঘন আছিল আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আবেদনখন খাৰিজ কৰি নিজৰ কৰ্তব্যৰ পৰা ফালৰি কাটিছিল।সেয়ে ন্যায়ালয়ে সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ বাতিল কৰিছে। লগতে ন্যায়ালয়ে কয়, যেতিয়া ক্লিয়াৰেন্স লাভ কৰিব তেতিয়া অসম চৰকাৰে নতুন কাম আৰম্ভ কৰাৰ বাবে আবেদন কৰিব পাৰিব।
#SupremeCourt hears the plea against state of Assam for clearing the shrubs in the tea garden without an environment impact assessment report
SC has earlier directed the Assam government to maintain the status quo at the Doloo tea estate in the Cachar district of Assam, where… pic.twitter.com/FhOUpjk3rS— Bar and Bench (@barandbench) May 6, 2024
Also Read: ভোটগ্ৰহণৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে প্ৰায় ২০০ উপাচাৰ্যৰ বিবৃতি...