ডিজিটেল ডেস্কঃ অষ্টাদশ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান সময় বাকী থকাৰ অৱস্থাতে পুনৰ বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছ সাংসদ তথা ৱাইনাড আৰু ৰায়বেৰলী সমষ্টিৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে দেশৰ ২০০ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই লিখিছে মুকলি চিঠি। এই চিঠিত তেওঁলোক ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী পদক্ষেপৰো আৰ্জি কৰিছে।
কিছু মাহৰ পূৰ্বে ৰাহুলে দেশৰ বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য নিয়োগৰ ক্ষেত্ৰত যোগ্যতাৰ পৰিবৰ্তে আনুগত্যকহে অগ্ৰাধিকাৰ দিয়া বুলি অভিযোগ কৰিছিল। ৰাহুলে কৈছিল যোগ্যতাৰ আধাৰত নহয়, আনুগত্যৰ আধাৰতহে দেশৰ বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য নিয়োগ কৰা হৈছে।
ৰাহুলে এইদৰে মন্তব্য কৰি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। কিন্তু ৰাহুলৰ এই মন্তব্যতে অসন্তুষ্ট হৈ পৰিছে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল। প্ৰায় ২০০ উপাচাৰ্যই এক মুকলি পত্ৰ লিখি ৰাহুলৰ মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণৰো দাবী তুলিছে।
তেওঁলোকে ৰাহুলৰ অভিযোগ খাৰিজ কৰি এক বিবৃতিত দেওবাৰে স্পষ্টতাৰে কয়, মেধাৰ ভিত্তিতেই স্বচ্ছতাৰে উপাচাৰ্য নিয়োগ কৰা হৈছে দেশৰ বিশ্ববিদ্যালয়সমূহত। ৰাহুলৰ দাবী কেৱল মিছা আৰু ভিত্তিহীনেই নহয়, দেশৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ প্ৰতিও অপমানজনক। উপাচাৰ্যসকলে তেওঁলোকৰ কামৰ জৰিয়তে শিক্ষানুষ্ঠানৰ মৰ্যাদা আৰু নৈতকতাৰ যত্ন লয়। ইয়াৰ ফলত দেশৰ বহু কেইখন বিশ্ববিদ্যালয়ে শেহতীয়াকৈ বিশ্বৰ শ্ৰেষ্ঠত্বৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
ইয়াৰ উপৰিও এই বিবৃতিত দাবী কৰা হৈছে, ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক স্বাৰ্থৰ বাবে এই ধৰণৰ অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে। সেয়ে তেওঁৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা লোৱা হওক। এই বিবৃতিত স্বাক্ষৰ কৰিছে ১৮০ জন উপচাৰ্যসহ সংগীত নাটক একাডেমী, সাহিত্য একাডেমী, এন চি ই আৰ টি, নেচনেল বুক ট্ৰাষ্ট, এ আই চি টি ই, ইউ জি চি আদিৰ প্ৰধনাসকলে।
উল্লেখ্য যে, কিছু মাহৰ পূৰ্বে ৰাহুল গান্ধীয়ে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিয়োগ কৰাৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত বিস্ফোৰক অভিযোগ কৰিছিল। তেওঁৰ অভিযোগ আছিল দেশৰ বিশ্ববিদ্যালয়সমূহত মেধাৰ ভিত্তিতে উপাচাৰ্য নিয়োগ কৰা হোৱা নাই। তেওঁলোকক নিয়োগ কৰা হৈছে নিৰ্দিষ্ট সংস্থাৰ সৈতে থকা আনুগত্যৰ ভিত্তিত। বিশ্ববিদ্যালয়সমূহত নিয়োগ কৰা সকলো উপাচাৰ্য একেটা প্ৰতিষ্ঠানৰ। সেই প্ৰতিষ্ঠান বিজেপিৰ নিয়ন্ত্ৰণাধীন।
ৰাহুল গান্ধীৰ এই বিস্ফোৰক অভিযোগৰ পিছতে বিতৰ্কৰ আৰম্ভ হয় আৰু ৰাহুলৰ বিৰুদ্ধে সৰৱ হয় একাধিক উপচাৰ্য।সেই বিষয়তে এতিয়া ৰাহুলৰ বিৰুদ্ধে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক আগে আগে আইনী পদক্ষেপ গ্ৰহণৰ দাবী তুলি মুকলি পত্ৰৰ জৰিয়তে বিবৃতি দিছে প্ৰায় ২০০ উপাচাৰ্যই।
Also Read: পশ্চিমবংগত ভয়ংকৰ বিস্ফোৰণ...
ভোটগ্ৰহণৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে প্ৰায় ২০০ উপাচাৰ্যৰ বিবৃতি...
উপাচাৰ্যসকলক লৈ কিছু মাহ পূৰ্বে কৰিছিল বিতৰ্কিত মন্তব্য