১৮ নহয়, ছোৱালীৰ বিয়াৰ বয়স হ'ব লাগে ২১ ! উচ্চতম ন্যায়ালয়ে এই বিষয়ত কি ক'লে...

১৮ নহয়, ছোৱালীৰ বিয়াৰ বয়স হ'ব লাগে ২১ ! উচ্চতম ন্যায়ালয়ে এই বিষয়ত কি ক'লে...
১৮ নহয়, ছোৱালীৰ বিয়াৰ বয়স হ'ব লাগে ২১ ! উচ্চতম ন্যায়ালয়ে এই বিষয়ত কি ক'লে...

ডিজিটেল ডেস্কঃ ছোৱালীৰ বিয়াৰ বয়স ১৮ ৰ পৰা ২১ বছৰ কৰাত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। সোমবাৰে উচ্চতম ন্যায়ালয়ে অধিবক্তা অশ্বিনী উপাধ্যায়ে ল'ৰা, ছোৱালীৰ বিবাহৰ বয়সৰ সীমা সমান কৰাৰ সন্দৰ্ভত দাখিল কৰা আৱেদন খাৰিজ কৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰে গঠিত বিচাৰপীঠে এই আৱেদন খাৰিজ কৰিছে। তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত অধিবক্তা অশ্বিনী উপাধ্যায়ে যুক্তি দিছিল যে, ল'ৰা আৰু ছোৱালীৰ বিবাহৰ বয়সৰ (ল'ৰাৰ বাবে ২১ বছৰ আৰু ছোৱালীৰ বাবে ১৮ বছৰ) মাজৰ পাৰ্থক্য শুদ্ধ নহয়। এই নীতিয়ে সংবিধানৰ অনুচ্ছেদ ১৪, ১৫ আৰু ২১ উলংঘা কৰে।

বিচাৰপীঠৰ সন্মুখত যুক্তি দি তেওঁ দাবী কৰিছিল যে ছোৱালীৰ বিবাহৰ বয়সো ২১ বছৰলৈ বৃদ্ধি কৰিব লাগে। যাতে বয়সৰ সীমা ল'ৰাৰ সমান হয়।

এই দাবী সন্দৰ্ভত বিচাৰপীঠে কয় যে, সংসদক কি আইন প্ৰস্তুত কৰিব লাগে সেই বিষয়ে জনোৱাটো আদালতৰ কাম নহয়। আইনৰ যিকোনো পৰিৱৰ্তন সংসদৰ ওপৰত এৰি দিব লাগে। এইকথা কৈ বিচাৰপীঠে আৱেদনখন খাৰিজ কৰে।

১৮ নহয়, ছোৱালীৰ বিয়াৰ বয়স হ'ব লাগে ২১ ! উচ্চতম ন্যায়ালয়ে এই বিষয়ত কি ক'লে...
টি-২০ৰ ছেমি ফাইনেলত ভাৰত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in