টি-২০ৰ ছেমি ফাইনেলত ভাৰত...

টি-২০ৰ ছেমি ফাইনেলত ভাৰত...
টি-২০ৰ ছেমি ফাইনেলত ভাৰত...

ডিজিটেল ডেস্কঃ মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ। গ্ৰুপ-২ৰ আজিৰ মেচত ভাৰতীয় দলটোৱে ডি এল এছ পদ্ধতিৰে আয়াৰলেণ্ডক ৫ ৰাণত পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিছে।

মেচখনৰ পূৰ্বে টছত জয়লাভ কৰি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অপেনাৰ স্মৃতি মান্ধানাৰ ৮৭ ৰাণৰ সহায়ত ভাৰতে ২০ অভাৰত ৬ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫৫ ৰাণ।

ইয়াৰ প্ৰত্যুত্তৰত আয়াৰলেণ্ডে বেটিং কৰিবলৈ আহি ৮.২ অভাৰত ৫৪ ৰাণ সংগ্ৰহ কৰি থকা অৱস্থাতে বৰষুণৰ বাবে মেচখন স্থগিত ৰাখিবলগীয়া হয়।

পৰৱৰ্তী সময়ত ডি এল এছ পদ্ধতিৰে মেচখনৰ ফলাফল নিৰ্ণয় কৰা হয়। ডি এল এছ পদ্ধতিত ভাৰতীয় দলটো ৫ ৰাণত আগবাঢ়ি থাকে।

যাৰ বাবে ভাৰতক বিজয়ী ঘোষণা কৰা হয়। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে ইংলেণ্ড। ভাৰত হৈছে ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল।

আনহাতে মঙলবাৰে অনুষ্ঠিত হ'ব ইংলেণ্ড আৰু পাকিস্তানৰ মাজত এখন মেচ। এই মেচখনৰ ফলাফলে নিৰ্ণয় কৰিব ভাৰতে ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ'ব।

ইফালে আজি ভাৰত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে একেৰাহে ৩ বাৰ প্ৰৱেশ কৰাৰ গৌৰৱ অৰ্জন কৰিছে।

ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে ২০১৮ আৰু ২০২০ ত ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। ২০২০ ত ভাৰতে ফাইনেল খেলিছিল যদিও অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল।

টি-২০ৰ ছেমি ফাইনেলত ভাৰত...
অপৰাধে জোকাৰিছে গুৱাহাটীঃ এইবাৰ ১৩ বছৰীয়া কিশোৰীক কৰিলে ধৰ্ষণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in