মনিষ ছিচ'দিয়াৰ জামিন সন্দৰ্ভত শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে...

দেওবাৰে সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া। উচ্চতম ন্যায়ালয়তো সকাহ নাপালে ছিচদিয়াই।

author-image
Asomiya Pratidin
New Update
বিজেপিয়ে মানুহক কাৰাগাৰত ৰখাৰ ৰাজনীতিত লিপ্ত হৈছে: মনিষ ছিচ'দিয়া

manish sisodia

ডিজিটেল ডেস্ক: দেওবাৰে সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচ'দিয়া। সোমবাৰে আদালতত হাজিৰ কৰোৱা ছিচদিয়াক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

Advertisment

তাৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ছিচ'দিয়া। কিন্তু উচ্চতম ন্য়ায়ালয়ে তেওঁৰ আৱেদনত শুনানি কৰাত অস্বীকাৰ কৰি উচ্চ ন্যায়ালয়লৈ যাবৰ বাবে নিৰ্দেশ প্ৰদান কৰে।

ন্যায়ালয়ে চিছোদিয়াক প্ৰথমে জামিনৰ বাবে দিল্লী উচ্চ ন্যায়ালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে - 'আপুনি উচ্চতম ন্যায়ালয়ৰ পৰা পোনপটীয়াকৈ জামিন কিয় বিচাৰিছে। আপুনি অনুচ্ছেদ ৩২ ৰ অধীনত ইয়ালৈ কিয় আহিছে? এয়া এক ভাল কথা নহয়। ঘটনা দিল্লীত হৈছে, ইয়াৰ অৰ্থ এই নহয় যে আপুনি প্ৰত্যক্ষভাৱে উচ্চতম ন্যায়ালয়লৈ আহিব।

ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতেই আম আদমী পাৰ্টীয়ে কয় যে আমি ন্যায়ালয়ৰ সিদ্ধান্তক সন্মান কৰো। গতিকে উচ্চ ন্যায়ালয়ৰ কাষ চাপিম।

Also Read: কৃষক মেলাত নাই কৃষক, নাই দোকান, খালী হৈ পৰি থাকিল লাখ টকীয়া পেন্দেল

supreme court manish sisodia