কৃষক মেলাত নাই কৃষক, নাই দোকান, খালী হৈ পৰি থাকিল লাখ টকীয়া পেন্দেল

বিয়াগোম কৃষি বিভাগে নগাঁৱত আয়োজন কৰা কৃষক মেলাই উদঙালে বিভাগটোৰ ফোপোলা স্বৰূপ ৷ দুদিনীয়াকৈ নগাঁৱৰ আই টি আই ফিল্ডত নগাঁৱৰ কৃষি বিভাগে আয়োজন কৰিছিল কৃষক মেলা
কৃষক মেলাত নাই কৃষক, নাই দোকান, খালী হৈ পৰি থাকিল লাখ টকীয়া পেন্দেল

ডিজিটেল সংবাদ,নগাঁও : বিয়াগোম কৃষি বিভাগে নগাঁৱত আয়োজন কৰা কৃষক মেলাই উদঙালে বিভাগটোৰ ফোপোলা স্বৰূপ ৷ দুদিনীয়াকৈ নগাঁৱৰ আই টি আই ফিল্ডত নগাঁৱৰ কৃষি বিভাগে আয়োজন কৰিছিল কৃষক মেলা ৷ ২৭ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল মেলাখন ৷ দুদিনীয়া কৃষক মেলাৰ মঙ্গলবাৰে অন্তিম দিন ৷

লাখটকীয়া পেন্দেল বনাই আয়োজন কৰা কৃষক মেলাত নাই কৃষক ৷ মেলাস্থলীৰ প্ৰদৰ্শনীৰ বাবে নিৰ্মান কৰা হৈছিল ৩২ টা ষ্টল ৷ দ্বিতীয় দিনা ষ্টল খালী ৷ এটা ষ্টলটো নাই কৃষক ৷ নগাঁৱৰ কৃষকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ নামত নগাঁও কৃষি বিভাগে কৃষক মেলাৰ নামত চলোৱা ভেকোভাওনা চলোৱা বুলি চৰ্চা হৈছে ৷

কৃষিজাত সামগ্ৰীৰ বিপৰীতে কাপোৰ , পিঠাপনাই অগ্ৰাধিকাৰ পোৱা পৰিলক্ষিত হয় ৷ বিভাগীয় ভাবে টেক্টৰ , পাম্প , স্প্ৰে মেচিন এটা দুটা ৰাখি নগাঁও কৃষি বিভাগে নগাঁৱৰ কৃষকক কৃষিৰ প্ৰতি অধিক উৎসাহিত কৰিবলৈ দুদিনীয়াকৈ পাতে কৃষক মেলাখনি ৷

ইফালে মঙ্গলবাৰে বিয়লি ভাগত ক্ৰেতা বিক্ৰেতাৰ মাজত অনুষ্ঠিত আলোচনা , প্ৰশিক্ষন আৰু মতবিনিময় অনুষ্ঠানটি নাছিল আশানুৰূপ ৷ ১০০ কৃষকে অনুষ্ঠানত উপস্থিত হোৱা বুলি প্ৰচাৰ চলোৱা হৈছিল যদিও অনুষ্ঠানত ২০/৩০ জন লোকৰ উপস্থিতি দেখা গৈছিল ৷ অনুষ্ঠাটিত থকা চকী খালী হৈ পৰি আছিল ৷

বিগত সময়ত প্ৰলংকৰ বানে ককাল ভঙা নগাঁৱৰ কৃষকক সকাহ দিবলৈ আয়োজিত কৃষক মেলাৰ জৰিয়তে কি দৰে উৎসাহিত কৰিলে সেই কথা নগাঁৱৰ কৃষি বিষয়া সকলৰ বাহিৰে আন লোকৰ বোধগম্য নহয় ৷

কৃষক মেলাত নাই কৃষক, নাই দোকান, খালী হৈ পৰি থাকিল লাখ টকীয়া পেন্দেল
অটোৰ পৰা পৰি মন্দিৰৰ সমীপত এজন লোকৰ কৰুণ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in