ডিজিটেল ডেস্কঃ মণিপুৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। এক মানৱৰূপী পিশাচৰ দৰে দুগৰাকীকৈ মহিলাক উলংগ কৰি পেৰেড কৰা ভিডিঅ'ই লজ্জিত কৰিছে দেশবাসীক। এয়া যেন দুগৰাকী মহিলা নহয়, এখন সমাজ, এখন ৰাজ্য আৰু এখন ৰাষ্ট্ৰৰ উলংগ স্বৰূপ!
মণিপুৰৰ এই কাণ্ডক লৈ মাত মাতিছে ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি উচ্চতম ন্যায়ালয়, মহিলা আয়োগেও। উচ্চতম ন্যায়ালয়ে এই ঘটনাক নিন্দনীয় আখ্যা দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, এই কাণ্ডই তেওঁক ব্যথিত কৰি তুলিছে লগতে এনে ঘটনাই সাংবিধান আৰু মানৱ অধিকাৰৰ উলংঘা কৰিছে।
তেওঁ অতি শীঘ্ৰেই মণিপুৰৰ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। লগতে কয় , যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে উচ্চতম ন্যায়লয়েই ব্যৱস্থা গ্ৰহণ কৰিব। ন্যায়ালয়ে কয় যে, এতিয়া সময় আহি পৰিছে যে চৰকাৰে আগুৱাই আহি কাম কৰক। কিয়নো এই ঘটনা কোনো পধ্যেই স্বীকাৰ্য নহয়। আমি চৰকাৰক বিষয়টো সন্দৰ্ভত কাম কৰিবলৈ অলপ সময় দিম, যদি চৰকাৰে একো নকৰে আমি কৰিম।
ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দি কয় যে, দোষীক আটক কৰিবলৈ আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে কি ব্যৱস্থা লয় তাৰ বিষয়ে ন্যায়ালয়ক অৱগত কৰাব লাগিব। সংবাদ মাধ্যমৰ দৃশ্যসমূহে সাংবিধানিক আৰু মানৱ অধিকাৰৰ ব্যাপক উলংঘন দেখুৱাইছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তাৎক্ষণিক ব্যৱস্থা ল'বলৈ আৰু আদালতক কি ব্যৱস্থা লোৱা হৈছে সেয়া অৱগত কৰিবলৈ নিৰ্দেশ দিছো। বিষয়টো সন্দৰ্ভত ২৮ জুলাইত শুনানি হ'ব ন্য়ায়ালয়ত।
সমান্তৰালভাৱে মণিপুৰ কাণ্ডক লৈ উত্তাল হৈ পৰিছে সদন। সদনত মণিপুৰৰ হিংসা আৰু মণিপুৰৰ ভাইৰেল ভিডিঅক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ বাবে প্ৰথম ২ বজালৈ আৰু পাছত কাইলৈ সদন স্থগিত ৰাখে। এই সন্দৰ্ভত শাসকীয় পক্ষই কয় যে, আমি বিষয়টো সন্দৰ্ভত কথা পাতিবলৈ সাজু আছো। কিন্তু এনে লাগিছে যে বিৰোধী প্ৰস্তুত নহয়।
মণিপুৰৰ ঘটনা সন্দৰ্ভত নীৰৱ হৈ ৰোৱা নাই মহিলা আয়োগো। ভাৰতীয় মহিলা আয়োগে টুইটাৰক মণিপুৰৰ ভাইৰেল ভিডিঅ ডিলিট কৰিবলৈ আহ্বান জনায়। আয়োগে ঘটনাটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ আৰক্ষী প্ৰধানক বিষয়টোত তৎক্ষণাৎ ব্যৱস্থা ল'বলৈও কয়। মণিপুৰৰ ঘটনাক গৰিহণা দিয়ে মহিলা আয়োগে। সম্ভৱত মহিলা আয়োগৰ অধ্যক্ষই মণিপুৰৰ ভ্ৰমণ কৰাৰ সম্ভৱণা আছে।
উল্লেখ্য যে, ৪ মে'ত মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰা হৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক। অন্য অভিযুক্তৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।