বহু প্ৰতিশ্ৰুতিৰে ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

বহু প্ৰতিশ্ৰুতিৰে ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ ৷ মুখ্যমন্ত্ৰীয়ে দৈয়ুংব্ৰা, উমৰাংচৰ গৰমপানী সমষ্টিত আৰু দিহাংগী সমষ্টিত চলাব প্ৰচাৰ ৷

দৈয়ুংব্ৰাত মুখ্যমন্ত্ৰীয়ে ৰূপালী লাংথাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কয় যে ডিমা হাছাও জিলাৰ কলেজীয়া ছাত্ৰ-ত্ৰীৰ বাবে ১০ হাজাৰকৈ টকা চৰকাৰে প্ৰদান কৰিব। কেৱল ইমানেই নহয়, দৈয়ুংব্ৰাৰ পথ উন্নয়নৰ বাবে ২৫ কোটি টকা , চিকিৎসালয় নিৰ্মাণ কৰাৰ লগতে ৩ গৰাকীকৈ চিকিৎসক নিযুক্তি দিয়া আৰু ১০০০ মহিলাক নতুনকৈ অৰুনোদয় আচঁনি দিয়াকে ধৰি বহু প্ৰতিশ্ৰুতি দিয়ে ৷

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি দলে ২৮ খন আসনৰ ২৫/২৬ খনত জয়লাভ কৰিব ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উমৰাংচত এখন APSC প্ৰশিক্ষণ কেন্দ্ৰ হ’ব বুলি ঘোষণা কৰিছিল ৷ কিন্তু আজি মুখ্যমন্ত্ৰীক সেই বিষয়ে সোধাত তেওঁ উমৰাংচ’ত পৰ্য্যটনৰ স্থানৰূপে কিছু সুকীয়া আচঁনি লোৱা বুলি কয় ৷

 আজি দেৰগাওঁত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাৰ বিষয়ে শৰ্মাই কয় যে পিকনিক খাবলৈ ৩:৩০ বজাত কোনো যাব নালাগে ৷ পোহৰ হলেহে পিকনিক যাবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে। লগতে কয় যে এই সন্দৰ্ভত SOP প্ৰকাশ পাব।

বহু প্ৰতিশ্ৰুতিৰে ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ ৰাজনৈতিক পৰ্যটনস্থলী উত্তৰ পূৰ্বাঞ্চলঃপবিত্ৰ মাৰ্ঘেৰিটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in