কিষাণ ক্ৰেডিট কাৰ্ড জালিয়াতি আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ...

কিষাণ ক্ৰেডিত কাৰ্ডৰ জালিয়াতিৰ অভিযোগ উত্তাপিত কৰি বিভিন্ন সময়ত এই বিষয়ত তদন্ত কৰিবলৈ দাবী জনাই আহিছে দেশৰ কৃষকসকলে । এই সন্দৰ্ভত অভিযোগকাৰীৰে দাখিল কৰা এক আবেদন সোমবাৰে নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে ।
কিষাণ ক্ৰেডিত কাৰ্ডৰ জালিয়াতিৰ অভিযোগ নাকচ
কিষাণ ক্ৰেডিত কাৰ্ডৰ জালিয়াতিৰ অভিযোগ নাকচ

ডিজিটেল ডেস্কঃ কিষাণ ক্ৰেডিত কাৰ্ডৰ জালিয়াতিৰ অভিযোগ উত্তাপিত কৰি বিভিন্ন সময়ত এই বিষয়ত তদন্ত কৰিবলৈ দাবী জনাই আহিছে দেশৰ কৃষকসকলে । এই সন্দৰ্ভত অভিযোগকাৰীৰে দাখিল কৰা এক আবেদন সোমবাৰে নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে ।

তদন্তৰ আবেদন নাকচ কৰি শীৰ্ষ নায়ালয়ে কয় সাধাৰণ অভিযোগৰ ভিত্তিত তদন্ত কৰাটো সম্ভৱ নহ’য় । ন্যায়াধীশ এছ কে কৌল আৰু অৰবিন্দ কুমাৰৰ বিচাৰপীঠে আবেদনকাৰীক ক্ৰেডিত কাৰ্ডৰ বিত্তীয় জালিয়াতিৰ সন্দৰ্ভত ৰিজাভ বেংকৰ কাষ চাপিবলৈ উপদেশ প্ৰদান কৰে ।

লগতে ন্যায়ালয়ে কয় ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি আবেদনকাৰীৰ সাধাৰণ অভিযোগৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াটো মুঠেও সম্ভৱ নহয় । লগতে আবেদনকাৰী জেষ্ঠ অধিবক্তা জয়ন্ত মেহতাক কটাক্ষ কৰি ন্যায়ালয়ে কয় আবেদনকাৰীয়ে বিষয়টো আবেদনৰ পূৰ্বেই ভালকৈ জানি লোৱা উচিত।

কিয়নো আবেদনকাৰী নিজেও এগৰাকী অধিবক্তা । লগতে অৰবিন্দ কুমাৰৰ বিচাৰপীঠে কয় যে প্ৰৱঞ্চনাৰ দুটা ঘটনাৰ বাহিৰে, আনবোৰ কিষাণ ক্ৰেডিট কাৰ্ড প্ৰণালীৰ কাম-কাজৰ বিষয়ে সাধাৰণ অভিযোগ ।

শীৰ্ষ আদালতে অধিবক্তা চন্দ্ৰ শেখৰ মণিৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ শুনানিত কৈছিল যে কেন্দ্ৰই কৃষকসকলৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে। কিয়নো কিষাণ ক্ৰেডিট কাৰ্ড প্ৰণালীত বেংক বিষয়াসকলে স্কেমাৰৰ সহযোগত বিত্তীয় প্ৰৱঞ্চনা কৰিছে। লগতে তেওঁ কৈছিল যে এনে দুৰ্নীতিৰ বিৰুদ্ধে দেশৰ বিভিন্ন অঞ্চলত কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে।

কিষাণ ক্ৰেডিত কাৰ্ডৰ জালিয়াতিৰ অভিযোগ নাকচ
দিল্লী-অসমঃ কোনখন নৰক,কোনখন সৰগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in