দিল্লী-অসমঃ কোনখন নৰক,কোনখন সৰগ...

সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশত কেজৰিৱালৰ অসম ভ্ৰমণত তৰ্জন-গৰ্জন থাকিলেও পৰিৱৰ্তনকামী ৰাজনীতিৰ বুনিয়াদ গঢ়াৰ কোনো বাৰ্তা পোৱা নগ'ল।
দিল্লী-অসমঃ কোনখন নৰক,কোনখন সৰগ...

মৃদুল কুমাৰ সন্দিকৈ

অৰবিন্দ কেজৰিৱাল আহিল। মহানগৰীৰ সোণাৰাম খেলপথাৰত কেজৰিৱালে ভাষণ দি উভতিও গ'ল। কেজৰিৱালৰ অসমৰ ভ্ৰমণৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে একো নকবলৈ সকিয়াই দিছিল। কেজৰিৱালেও সেই সকিয়নিক পৰোক্ষভাৱে গুৰুত্ব দি দিল্লী বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া তুলাধূনা গুৱাহাটীত দিবলৈ সাহস নকৰিলে।

অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক পৰিৱৰ্তনকামী ধাৰাৰ আৰাম্ভণী হ'ব বুলি বহুতেই ভাবিছিল। কিন্তু কেজৰিৱালৰ সেই ভাষণত তেনে কোনো দৃঢ়তা দেখিবলৈ পোৱা নগ'ল।

আপৰ মুৰব্বী গৰাকীয়ে যি আস্থা আৰু বিশ্বাস গঢ়ি তুলিব বুলি ভৱা হৈছিল সেই ৰাজনৈতিক দক্ষতা যেন কৰবাত অভাৱ ঘটিল। ভুল তথ্য সমাহাৰ, গতানুগতিক এক ভাষণেৰে আপৰ এই অনুষ্ঠান অন্ত পৰিল।

কেজৰিৱালৰ ২ এপ্ৰিল ২০২৩ ৰ জনসভাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অধিক আক্ৰমণাত্মক হৈ উঠিল কেজৰিৱালৰ বিৰুদ্ধে। নিৰ্বাচনী ৰণশিঙা বজাই কেজৰিৱালে অসমত আপৰ চৰকাৰ হ'লে ৰাইজে কি কি সুবিধা পাব তাৰ এক আভাস দিবলৈ নাপাহৰিলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালক উভতি ধৰি ক'লে, দিল্লীৰ ৭০ শতাংশ লোক আৰু অসমৰ ৯৫ শতাংশ লোক সৰগত বাস কৰে। ৰাজনৈতিক নেতা সকলে প্ৰায়েই এই কামতো কৰে। কোন কিমান শ্ৰেষ্ঠ সেয়া নিজেই প্ৰতিপন্ন কৰিবলৈ যাঁওতে দাঙি ধৰা যুক্তিয়ে মুহূৰ্তৰ বাবে হ'লেও মুহিত কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে মা কামাখ্যৰ তলত, লুইতৰ পাৰত থিয় হৈ কেজৰিৱালে মিছা কথা কৈ গ'ল। অসমৰ মানুহ 'আম আদমী' নহয়, অসমৰ মানুহ প্ৰকৃততে 'খাচ আদমী' বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেজৰিৱালে অকলে বাৰু দেশ উদ্ধাৰ কৰিব পাৰিবনে? সম্ভৱনে ক্ষমতাশালী বিজেপিক কেজৰিৱালে অসম বা ভাৰতত প্ৰতিৰোধ কৰাতো? যি সময়ত অগ্ৰাসী বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তি এক হোৱাৰ প্ৰস্তুতি চলিছে সেই সময়ত কেজৰিৱালে বিৰোধী সন্মিলিত শক্তিৰ পৰা আঁতৰত অৱস্থান লৈ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে বিজেপিৰ সহায় হে কৰিছে নেকি?

২০২২ চনৰ গুজৰাট নিৰ্বাচন। বহু কেইটা সমষ্টিত কম ব্যৱধানত বিৰোধী প্ৰাৰ্থী পৰাস্ত হৈছিল। ১৮২ জনীয়া আসনযুক্ত গুজৰাট বিধানসভা নিৰ্বাচনত ১৮০ খন আসনতে প্ৰাৰ্থী থিয় কৰাইছিল আপে। বিজেপিয়ে ১৫৬ খন, কংগ্ৰেছে ১৭ খন আৰু আপে ৫ খন আসনত জয়লাভ কৰিছিল।

মুঠ ভোটৰ ৫২.৫০ শতাংশ বিজেপিয়ে, ২৭.২৮ শতাংশ কংগ্ৰেছে আৰু ১২.৯২ শতাংশ ভোট লাভ কৰিছিল আপ। ৰাজনৈতিক বিশ্লেষক সকলৰ মতে আপৰ উপস্থিতিত কংগ্ৰেছ লোকচানৰ সন্মুখীন হৈছিল। আগৰ বিধানসভাত লাভ কৰা ভোটৰ ১৪.১৬ শতাংশ কমিছিল ২০২২ ৰ নিৰ্বাচনত। সেই ভোট বাৰু আপৰ শিবিৰলৈ গ'ল নেকি?

২০২২ৰ গোৱা নিৰ্বাচনত কংগ্ৰেছে ২৩.৫ শতাংশ, আপে ৬.৮ শতাংশ ভোট লাভ কৰিছিল। ফলত অপ্ৰতিৰোধ্য হৈ উঠিছিল বিজেপি। ২ খন আসন পালেও বিজেপিক বাধা দিয়াৰ ক্ষেত্ৰত বিৰোধী সন্মিলিত প্ৰয়াসৰ অভাৱ ঘটিছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত আপে ৪৩২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৪ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। মুঠ ভোটৰ ২.১ শতাংশ লাভ কৰিছিল আপে। ২০১৯ চনৰ নিৰ্বাচনত আপৰ সেই আসনৰ সংখ্যা লোকসভাত এখনলৈ হ্ৰাস পাইছিল। সেইবাৰ নিৰ্বাচনত আপে লাভ কৰা ভোটৰ শতকৰা হাৰ ০.৪ শতাংশ।

২০১৩ চনত দিল্লীত আপে লাভ কৰিছিল ২৯.৪৩ শতাংশ ভোট। ৭০ খন আসনৰ ভিতৰত সেইবাৰ আপৰ হাতলৈ গৈছিল দিল্লীৰ ২৮ খন বিধানসভাৰ আসন। ২০১৫ আপে দিল্লী বিধানসভা নিৰ্বাচনত ৫৪.৩ শতাংশ ভোট লাভেৰে ৬৭ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

২০২০ চনত পুনৰ দিল্লীত আপে চৰকাৰ গঠন কৰিলে। ৭০ খন আসনৰ ভিতৰত সেইবাৰ পালে ৬২ খন আসন।এই নিৰ্বাচনত দলটোৱে লাভ কৰা ভোটৰ শতাংশ হাৰ আছিল ৫৩.৫৭ ।

২০১৮ চনত আপে চট্টীশগড়ত নিৰ্বাচন খেলিছিল। ৮৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখন আসন লাভ নকৰিলেও ০.৮৭ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। হাৰিয়ানাৰ ২০১৯ ত বিধানসভা নিৰ্বাচনত আপে ০.৪৮ শতাংশ, ২০২২ ত হিমাচল প্ৰদেশত ১.১০ শতাংশ, ২০১৯ ত ঝাৰখণ্ডত ০.২৩ শতাংশ, ২০১৮ত কৰ্ণাটক বিধানসভা নিৰ্বাচনত ০.০৬ শতাংশ, ২০২২ ত উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত ৩.৩১ শতাংশ ভোট লাভ কৰিছিল।

আপে নিৰ্বাচন বোৰত প্ৰতিদ্বন্দ্বিতা কৰি বিৰোধিৰে ভোট বিভাজনত সহায় কৰিছে নেকি সেই প্ৰশ্ন কিন্তু আপৰ বিৰুদ্ধে বিভিন্ন সময়ত উঠে। ৰাজ্যসভাত ১০ খন, দিল্লী বিধানসভাত ৬২ খন, পঞ্জাৱত ৯২ খন, গুজৰাটত ৫ খন, গোৱাত ২ খন আসনত আপৰ প্ৰাৰ্থী জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আছে।

২০২২ ৰ পঞ্জাৱ নিৰ্বাচন আপৰ বাবে আন এক সফলতা। পৌৰ নিৰ্বাচনৰ ক্ষেত্ৰতো আপৰ সফলতা মন কৰিবলগীয়া। ২০২২ ৰ দিল্লী পৌৰ নিৰ্বাচনত আপে ৪২.০৫ শতাংশ ভোট লাভেৰে ২৫০ খন আসনৰ ভিতৰত ১৩৪ খন দখলেৰে দিল্লী পৌৰ নিগম দখল কৰিছিল।

চুৰাটত শেহতীয়াকৈ অনুষ্ঠিত নিৰ্বাচনত আপে ২৮.৪৭ শতাংশ, গান্ধী নগৰৰ পৌৰ নিৰ্বাচনত ২১.৭৭ শতাংশ, গুৱাহাটী পৌৰ নিৰ্বাচনত আপে ৬০ খন আসনৰ ভিতৰত ৩৯ খনত প্ৰতিদ্বন্দ্বিতা কৰি ১ খন আসনত জয়লাভ কৰিছিল।

গুৱাহাটী পৌৰ নিৰ্বাচনত আপে লাভ কৰা মুঠ ভোটৰ শতকৰা হাৰ আছিল ১০.৬৯ শতাংশ। দেশৰ ৰাজনীতিত পৰৱৰ্তন আনিব পৰাকৈ সম্ভাৱণা আছে আপৰ, ক্ষমতা আছে কেজৰিৱালৰ। কিন্তু প্ৰশ্ন হয়, বিৰোধীৰ সৈতে বিৰোধী পক্ষৰ মতানৈক্যৰে এই পৰিৱৰ্তন সম্ভৱনে? শাসক গোষ্ঠীৰ বিৰুদ্ধে অসমত বিৰোধী শক্তি ঐক্য হোৱাৰ আহ্বান বহুতেই দিছে। কিন্তু সেই আহ্বানৰ প্ৰতি বিৰোধী পক্ষৰ মাজতেই সঁহাৰি নাই।

সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশত কেজৰিৱালৰ অসম ভ্ৰমণত তৰ্জন-গৰ্জন থাকিলেও পৰিৱৰ্তনকামী ৰাজনীতিৰ বুনিয়াদ গঢ়াৰ কোনো বাৰ্তা পোৱা নগ'ল। অৱশ্যে দেখা গ'ল দিল্লীৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ মাজত 'দে যুদ্ধ দে' সদৃশ এক মানসিকতা।

কেজৰিৱালক 'কাপুৰুষ' আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেদৰে হিমন্ত বিশ্ব শৰ্মাক 'অ-সংস্কৃতিবান' আখ্যা কেজৰিৱালৰ। তাৰ মাজতে দুই একে টিপ্পনী দিছে পৰস্পৰে পৰস্পৰক হেনো ৰাজনৈতিক হাইলাইট কৰি আছে। কেজৰিৱালে কৈ গ'ল দিল্লী সৰগ, চৰকাৰে বিদ্যুৎ, পানী, চাকৰি সকলো দিছে। উভতি ধৰি হিমন্ত বিশ্ব শৰ্মাই কৈছে দিল্লী নৰক, এইখন অসমহে সৰগ। এতিয়া আপুনি বিচাৰ কৰক কোনখন নৰক, কোনখন সৰগ...

দিল্লী-অসমঃ কোনখন নৰক,কোনখন সৰগ...
এদিন হ'লেও জনতাই বুজিব চৰকাৰী আঁচনিৰ আঁৰৰ ৰহস্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in