শাৰদ পাৱাৰৰ সিদ্ধান্তই সলনি কৰি দিব নেকি দেশৰ ৰাজনীতি? বিচাৰিছে ২-৩ দিন সময়

শাৰদ পাৱাৰৰ সিদ্ধান্তই সলনি কৰি দিব নেকি দেশৰ ৰাজনীতি? বিচাৰিছে ২-৩ দিন সময়

ডিজিটেল ডেস্কঃ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শৰদ পাৱাৰে সভাপতি পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে। দলৰ নেতা সকলে তেওঁৰ সভাপতি হৈ থকাৰ বাবে সৈমান কৰাই আছে।

ইয়াৰ পাছতে অজিত পাৱাৰে কয় যে শৰদ পাৱাৰে সিদ্ধান্ত পুনৰ বিবেচনা কৰিব। তেওঁ ইয়াৰ বাবে দুই-তিনি দিনৰ সময় বিচাৰিছে। শৰদ পাৱাৰে তেওঁৰ আত্মজীৱনী প্ৰকাশ কৰাৰ সময়ত অৱসৰৰ কথা ঘোষণা কৰিছিল।লগতে উল্লেখ কৰিছিল যে আগন্তুক ৰণনীতিৰ বাবে জ্যেষ্ঠ নেতাসকলৰ এটা পেনেল গঠন কৰা হ'ব।

অজিত পাৱাৰে কয় যে, শাৰদ পাৱৰৰ সিদ্ধান্তই আমাক সকলোকে আচৰিত কৰি তুলিছিল। আমি তেওঁক বিচাৰ কৰি চাবলৈ অনুৰোধ জনাইছিলো। তাৰ কিছুসময় পাছতেই বিচাৰ কৰি চাবলৈ দুই-তিনি দিন সময় বিচাৰিছিল শাৰদ পাৱাৰে।

তেওঁ কয় যে পাৱাৰৰ পদত্যাগৰ পিছত বুলধানা আৰু আন কিছুমান জিলাৰ দলীয় জিলা সভাপতিসকলে পদত্যাগ পত্ৰ দাখিল কৰিছিল। কিন্তু শাৰদ পাৱাৰে কৈছিল যে কোনোৱে পদত্যাগ কৰাৰ প্ৰয়োজন নাই। তেওঁ সিদ্ধান্তৰ বিষয়ে চিন্তা কৰি চাব।

উল্লেখ্য যে, বিৰোধী বহু ৰাজনৈতিক দলে শাৰৱ পাৱাৰলৈ ফোন কৰিছে । কোনোৱে বিচৰা নাই তেওঁৰ সভাপতি পদ এৰাটো। কিয়নো বিৰোধীৰ বাবে শাৰদ পাৱৰৰ দৰে নেতা গুৰুত্বপূৰ্ণ। আৰু যদি শাৰদ পাৱৰ দলৰ পৰা আঁতৰি যায় তেন্তে কেৱল তেওঁৰ দলটোৰ বাবেই নহয়, বিৰোধীৰ বাবেই হ'ব ডাঙৰ ক্ষতি।

১৯৬০ চনত ৰাজনীতিত যোগদান কৰিছিল শাৰদ পাৱাৰে। দেশৰ ৰাজনীতিত সময়ে সময়ে তেওঁ অভিজ্ঞ ৰাজনীতিবিদ, সুচতুৰ প্ৰশাসক হিচাপে পৰিচয় দি আহিছে। যি সময়ত বিৰোধী ঐকবদ্ধ হোৱাৰ কথা আছিল তেনে সময়তে এই ৰাজনীতিবিদ গৰাকীৰ সিদ্ধান্তই বাৰুকৈয়ে সকলোকে চিন্তিত কৰিছে। কংগ্ৰেছত থকা কালৰে পৰা শাৰদ পাৱৰে নিজৰ ,বিচক্ষণতা প্ৰদৰ্শন কৰি আহিছে।

শাৰদ পাৱাৰৰ সিদ্ধান্তই সলনি কৰি দিব নেকি দেশৰ ৰাজনীতি? বিচাৰিছে ২-৩ দিন সময়
অনা-অসমীয়া ব্যৱসায়ীৰ মুখত খুওৱা শৃংখল চলিহাৰ জামিন মঞ্জুৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in