২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱণা অধিক: ন্যায়ালয়ত এইমচ...

: সোমবাৰে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত গৰ্ভপাত সন্দৰ্ভত এক বিশেষ শুনানি হয়। ন্যায়ালয়ে ২৯ সপ্তাহৰ গৰ্ভৱতী যুৱতীৰ গৰ্ভপাত সন্দৰ্ভত শুনানি গ্ৰহণ কৰে।
২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱণা অধিক: ন্যায়ালয়ত এইমচ...

ডিজিটেল ডেস্ক: সোমবাৰে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত গৰ্ভপাত সন্দৰ্ভত এক বিশেষ শুনানি হয়। ন্যায়ালয়ে ২৯ সপ্তাহৰ গৰ্ভৱতী যুৱতীৰ গৰ্ভপাত সন্দৰ্ভত শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে, এএছজি ঐশ্বৰ্য ভাটিক ভুক্তভোগীৰ সৈতে কথা পাতি পৰামৰ্শ দিবলৈ কয় ।

এইমছৰ বিশেষজ্ঞ সকলৰ এক প্ৰতিবেদন অনুসৰি, এই সময়ত গৰ্ভপাত দুয়োৰে স্বাস্থ্যৰ বাবে উপযুক্ত নহয়। কিয়নো এই সময়ত শিশুটো জীয়াই থকাৰ সম্ভাৱনা অধিক।

ন্যায়াধীশ জে বি পাৰ্ডিৱালাই সুধিছিল যে ভুক্তভোগী গৰাকীয়ে এই আবেদন সন্দৰ্ভত জ্ঞাত হয় নে নহয়। তেতিয়া যুৱতী গৰাকীৰ পৰিয়ালে কৈছিল যে বৰ্তমান তেওঁ পৰীক্ষা দি আছে। আৰু ২৮ জানুৱাৰীলৈ পৰীক্ষা চলিব। তাৰ পাছতে ন্যায়ালয় পৰৱৰ্তী শুনানিৰ দিন ২ ফেব্ৰুৱাৰী ধাৰ্য কৰে।

ইয়াৰ পূৰ্বে ন্যায়ালয়ে ২০ বছৰীয়া অবিবাহিতা যুৱতী গৰাকীৰ ঘটনা সন্দৰ্ভত এইমচৰ চিকিৎসকক কমিটী গঠন কৰিবলৈ কৈছিল। ন্যায়ালয়ে প্ৰশ্ন কৰিছিল যে-২৯ সপ্তাহৰ পাছত গৰ্ভপাত সুৰক্ষিত হয় নে নহয়? লগতে ২০ জানুৱাৰীৰ ভিতৰত ইযাৰ ৰিপোৰ্ট জমা দিবলৈ কৈছিল ন্যায়ালয়ে।

উল্লেখ্য যে,  বিগত বৰ্ষৰ  ছেপ্টেম্বৰত গৰ্ভপাত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।ন্যায়ালয়ে কৈছিল যে – বিবাহিতা বা অবিবাহিতা সকলোৰে গৰ্ভপাত কৰাৰ অধিকাৰ আছে।আদেশৰ পাছত ২৪ সপ্তাহৰ ভিতৰত মহিলাক গৰ্ভপাত কৰাৰ অনুমতি দিছিল।

'মেডিকেল টাৰ্মিনেশ্যন এফ প্ৰেগনেনচি এক্ট'ৰ অধীনত বিবাহিতা মহিলাৰ বিশেষ শ্ৰেণী, ধৰ্ষণৰ ভুক্তভোগী আৰু অন্যান্য দুৰ্বল মহিলা যেনে বিকলাঙ্গ আৰু নাবালিকাৰ বাবে গৰ্ভপাতৰ উৰ্ধতম সময়সীমা আছিল ২৪ সপ্তাহ।

আৰু পঢ়ক: ২০২৪ চনৰ ভিতৰত আমেৰিকাৰ সৈতে তুলনা কৰিব পৰা যাব আমাৰ পথ সমূহ:কেন্দ্ৰীয় মন্ত্ৰী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in