২০২৪ চনৰ ভিতৰত আমেৰিকাৰ সৈতে তুলনা কৰিব পৰা যাব আমাৰ পথ সমূহ:কেন্দ্ৰীয় মন্ত্ৰী

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে মধ্যপ্ৰদেশৰ এখন সভা সম্বোধন কৰে। ভগৱান ৰামৰ সৈতে সম্পৰ্কিত মধ্য প্ৰদেশৰ অৰ্ছা চহৰ অযোধ্যাৰ দৰে পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
২০২৪ চনৰ ভিতৰত আমেৰিকাৰ সৈতে তুলনা কৰিব পৰা যাব আমাৰ পথ সমূহ:কেন্দ্ৰীয় মন্ত্ৰী

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে মধ্যপ্ৰদেশৰ এখন সভা সম্বোধন কৰে। ভগৱান ৰামৰ সৈতে সম্পৰ্কিত মধ্য প্ৰদেশৰ অৰ্ছা চহৰ অযোধ্যাৰ দৰে পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।

Advertisment

লগতে কয় যে ২০২৪ চনৰ ভিতৰত ৰাজ্যখনত পথৰ আন্তঃগাঁঠনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে বিকশিত কৰা হ'ব। ইতিমধ্যে ৰাজ্যখনত কেইবাটাও পথ প্ৰকল্পৰ কাম আৰম্ভ হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিৱাৰী জিলাৰ অৰ্ছা ভ্ৰমণৰ সময়ত ১,৫০০ কোটি টকাৰ ছয় লেনৰ ইন্দোৰ-হায়দৰাবাদ পথকে ধৰি ১৮ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

তেওঁ কয় যে,"মধ্য প্ৰদেশৰ পথ আন্তঃগাঁথনি বিকশিত কৰা হ'ব । আৰু ২০২৪ চনৰ ভিতৰত ৰাজ্যখনৰ পথসমূহ আমেৰিকাৰ সৈতে তুলনা কৰিব পৰা যাব। মধ্য প্ৰদেশত পথ নিৰ্মাণৰ ক্ষেত্ৰত ৪০,০০০ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হৈছে। তাৰে ভিতৰত ২৫,০০০ কোটি টকাৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত বুলি কয় মন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়ক: ৰেষ্টলিং ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, মেৰী কমৰ নেতৃত্বত কমিটী...

nitin gadkiri madhya pradesh