উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে 'কা'!

'কা' সন্দৰ্ভত ন্যায়ালয়ে জাৰি নকৰিলে স্থগিতাদেশ!
উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে 'কা'!

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি হয়। 'কা'ৰ অধিনিয়মক প্ৰত্যাহ্বান জনোৱা ২৩৭খন আবেদনৰ শুনানি হয় আদালতত।

আদালতত জ্যেষ্ঠ অধিবক্তাসকলৰ যুক্তিৰ ওপৰত শুনানি প্ৰদান কৰা হয়। শুনানিৰ অন্তত আদালতে কেন্দ্রীয় চৰকাৰলৈ জাননী প্ৰদান কৰে। 'কা' বিধি বলৱতৰ আবেদনত স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে। ৮ এপ্রিলৰ ভিতৰত চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত পৰৱৰ্তী শুনানি ৯ এপ্রিলত হ’ব বুলি ধায্য কৰে উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ১১মাৰ্চত কা কাৰ্যকৰী কৰে। এই আইনখন ২০১৯ চনত সংসদত গৃহীত হৈছিল। কাৰ্যকৰীৰ পিছতেই অসমৰ তথা সমগ্ৰ উত্তৰ-পূৱৰ পৰা বিভিন্ন দল-সংগঠনে মুঠ ২৩৭খন আবেদন দাখিল কৰে। দাখিল হোৱা আবেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰে।

উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে 'কা'!
ৰহাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in