/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d73073bd-c036-46fd-bfb8-2178c7b554b1/2.jpg)
ডিজিটেল সংবাদ, ৰহাঃ লোকসভা নিৰ্বাচনী বতাহৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ। অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মজুৰি বৃদ্ধিৰ দাবীত মংগলবাৰে ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মী-সহায়িকাসকলে ৰূপায়ন কৰে ধৰ্ণা কাৰ্যসূচী।
চৰকাৰে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক বিভিন্ন কামত নিয়োগ কৰে যদিও সেই অনুসাৰে পৰ্যাপ্ত মজুৰি নিদিয়াৰ অভিযোগ তুলি ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। লগতে চৰকাৰে দাবীসমূহ পূৰণ নকৰিলে আন্দোলন অব্যাহত ৰখাৰো হুংকাৰ দিয়ে কৰ্মী-সহায়িকাসকলে। পিচত শিশু উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।
Also Read: প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক সম্বৰ্দ্ধনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us