অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিনঃ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰত...

২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰীগৰাকী বন্দী হৈ আছে তিহাৰ কাৰাগাৰত
অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিনঃ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰত...
অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিনঃ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰত...

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ উচ্চতম ন্যায়ালয়ে দিলে অন্তৱৰ্তীকালীন জামিন। দল্লীৰ সুৰা কেলেংকাৰীৰত জড়িত থকাৰ অভিযোগক ইডিয়ে গ্ৰেপ্তাৰ কৰা কেজৰিৱালক শুকুৰবাৰে ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ প্ৰদান কৰিলে অন্তৱৰ্তীকালীন জামিন।

উল্লেখ্য যে, ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰা কেজৰিৱাল বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কেজৰিৱালে প্ৰথমে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যদিও ন্যায়ালয়ে এই আবেদন অগ্ৰাহ্য কৰে।

ইয়াৰ পিছতে কেজৰিৱাল সৰনাপন্ন হয় উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে তেওঁৰ আবেদন গ্ৰহণ কৰি শুনানি গ্ৰহণ কৰে আৰু আজি তেওঁক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

গোচৰটোৰ শুনানিৰ সময়ত যোৱা ৭ মে’ত ন্যায়ালায়ে কেজৰিৱালক লোকসভাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ এক ইংগিত প্ৰদান কৰিছিল। অৱশ্যে ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিলেও কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ বাহিৰে মুখ্যমন্ত্ৰী হিচাপে কোনোধৰণৰ অফিচিয়েল ডিউটি পালন কৰিব নোৱাৰিব বুলিও উল্লেখ কৰিছিল।

২০২২ ত দিল্লীৰ নতুন সুৰা নীতিত কেলেংকাৰী হোৱাৰ অভিযোগ তুলি অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে লেফটেনেণ্ট গভৰ্নৰ ভি কে ছাক্সেনাই চি বি আইত এক গোচৰ ৰুজু কৰিছিল।গোচৰটোত অভিযোগ আছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়াকে ধৰি আন আন আপৰ নেতাই সুৰা বিক্ৰেতাৰ পক্ষত ২০২১-২২ বৰ্ষত সুৰা নীতিত ত্ৰুটি সৃষ্টি কৰিবলৈ অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হৈছিল।

এই গোচৰটোত অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ কৰিবলৈ ন্যায়ালয়ত ইডিৰ যুক্তি আছিল অৰবিন্দ কেজৰিৱাল এগৰাকী ৰাজনীতিবিদ হোৱাৰ বাবেই তেওঁৰ ক্ষেত্ৰত আন অপৰাধীতকৈ বেলেগ ব্যৱহাৰ কৰিব নোৱাৰি। অৱশ্যে ইডিৰ এই যুক্তিয়ে অৰবিন্দ কেজিৱালৰ অন্তৱৰ্তীকালীন জামিন নাকচ কৰিবলৈ ন্যায়ালয়ক বাধ্য কৰিব নোৱাৰিলে। ইয়াৰ পূ্ৰ্বে লোকসভা নিৰ্বাচনৰ সময়তহে কিয় অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ল বুলি ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুুখীন হৈছিল ইডি।

অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিনঃ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰত...
‘কণ্ঠ’ ঘূৰাই দিয়া যন্ত্ৰ আৱিষ্কাৰ অসমীয়া বিজ্ঞানীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in