‘কণ্ঠ’ ঘূৰাই দিয়া যন্ত্ৰ আৱিষ্কাৰ অসমীয়া বিজ্ঞানীৰ...

‘কণ্ঠ’ ঘূৰাই দিয়া যন্ত্ৰ আৱিষ্কাৰ অসমীয়া বিজ্ঞানীৰ...

ল’ৰাটোৰ মুখত মাত নাই। জন্মৰ পৰাই মাত নাই ল’ৰাটোৰ। কথা ক’ব চেষ্টা কৰিলেও কথা ক’ব নোৱাৰে। কথা ক’ব বিচাৰে, কথা ক’ব নোৱাৰে- এনে বহু সমস্যাৰে ভাৰাক্ৰান্ত পৰিয়ালবোৰৰ বাবে আছে এটা সুখবৰ।

কিছুদিন অপেক্ষা কৰক আৰু। আপোনাৰ সন্তান বা পৰিয়ালত যদি কোনোবা সদস্য মুকবধিৰ আছে তেনে তেঁওলোকে ঘূৰাই পাব মাত। সাধাৰণ লোকৰ দৰেই তেঁওলোকে ব্যক্ত কৰিব পাৰিব মনৰ কথা।

এই অসম্ভৱ যেন লগা খবৰটোৱেই সম্ভৱ কৰি তুলিছে অসমৰ এজন বিজ্ঞানীয়ে। ২০১৭চনত তেওঁ এই সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছিল। সেই গৱেষণাৰে ফচল এই বিৰল ক্ষুদ্ৰকায়ী যন্ত্ৰটো।

যন্ত্ৰটোৰ নাম- LOQU। এই শব্দটো লেটিন ভাষা মূলৰ। যাৰ অৰ্থ হ’ল- টু স্পিক বা টু টক্। এই অতি ক্ষুদ্ৰকায়ী যন্ত্ৰৰ জৰিয়তে মুকবধিৰসকলে মনৰ কথা ক’ব পাৰিব।

যন্ত্ৰ নুবুলি ইয়াক এটা চিপছ্ বুলিবও পাৰে। আই আই টি গুৱাহাটীত কৰ্মৰত লক্ষ্মী নাৰায়ণ শৰ্মা নামৰ গৱেষকগৰাকীয়ে আৱিষ্কাৰ কৰিছে এই কথা কোৱা যন্ত্ৰটো।

আমি কথা কওতে আমাৰ ভকেল কোডৰ পৰা সৃষ্টি হোৱা কম্পনে দাঁত আৰু জিভাৰ সহায়ত শব্দৰ সৃষ্টি কৰে। সেই কম্পনে গলৰ মাংসপেশীত যি এচিলাৰেচন সৃষ্টি কৰে,সেয়া ত্ৰি-মাত্ৰিক। ইয়াকে সংকেতৰ উৎস হিচাপে লৈ তাক শব্দলৈ ৰূপান্তৰিত কৰিব পাৰে LOQUএ।

সম্পূৰ্ণ একক প্ৰচেষ্টাৰে বিশ্বজুৰি সমাদৃত হ’ব লগা আৰু অতিকৈ প্ৰয়োজনীয় যন্ত্ৰটি আৱিষ্কাৰ কৰা গৱেষক-বিজ্ঞানী লক্ষ্মী নাৰায়ণ শৰ্মাৰ ঘৰ সীতাজখলাত। তাৰ পৰাই তেঁও হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন আৰু আৰ্য বিদ্যাপীঠত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰিছিল।

সেই সময়ত জাগীৰোড কলেজত বিজ্ঞান শাখাৰ শুভাৰম্ভ কৰা হৈছিল। তাৰ পৰাই বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেঁও নেৰিষ্টৰ পৰা ইঞ্জিনীয়াৰিং ডিগ্ৰী লৈছিল।

আই আই টি গুৱাহাটীৰ পৰা এম-টেক আৰু তাৰ পৰাই বায়’ মেডিকেল ছিগনেল প্ৰচেছিঙৰ ক্ষেত্ৰখনত কাৰ্ডিক ছিগনেলৰ ওপৰত ডক্টৰেট ডিগ্ৰী লৈছিল শৰ্মাই। বৰ্তমান আই আই টি গুৱাহাটীতে চিনিয়ৰ টেকনিকেল অফিচাৰ হিচাপে তেঁও কৰ্মৰত।

তেঁও মূলতঃ ইলেক্ট্ৰনিক এণ্ড কমিনিকেছন বিভাগৰ যদিও ইলেক্ট্ৰ মেডিকেল এণ্ড স্পিছ টেকনল’জী বহু গৱেষণাৰে জড়িত। গৱেষণাগাৰত এই সন্দৰ্ভত এদল গৱেষকৰ গৱেষণা চলি থকা সময়তে তেঁওৰ মনলৈ এই বিষয়টো আহিছিল।

তাৰ পাছত তেঁও ব্যস্ত হৈছিল এই যন্ত্ৰটোৰ আৱিষ্কাৰৰ গৱেষণাত। মাংসপেশীৰ এচিলাৰেচন ত্ৰি-মাত্ৰিক হ’ব বুলি তেঁওৰ বিশ্বাস আছিল। সেই বিশ্বাসৰ আধাৰতে তেঁওৰ সেই সংকেত আৰু কম্পন কেপচাৰ কৰি ইয়াক শব্দলৈ ৰূপান্তৰ কৰাৰ সফলতা লাভ কৰিছিল।

এই কামৰ বাবে যিটো যন্ত্ৰ তেঁও আৱিষ্কাৰ কৰিছে,সেই যন্ত্ৰটো অতি লঘু আৰু ইয়াৰ আকৃতি ১.৫ছে.মি x ১.৫ছে.মি। তাৰ ভিতৰত থাকে এটা সৰু চাৰ্কিট।

ই গলৰ কোনো অংশত সংস্পৰ্শত থাকিলেই হ’ল। অৰ্থাৎ এই ডিভাইছটোৱে কম্পনৰ জৰিয়তে ইয়াত থকা স্পীকাৰৰ সহায়ত কোনোবাই ক’ব বিচৰা শব্দটো সৃষ্টি কৰিব। ইয়াৰ বাবে কোনো ভাষাৰ সমস্যা নাই। যিধৰণে যি ভাষাত শব্দটোৰ উচ্চাৰণ কৰিবলৈ ভকেল কোডত কম্পনৰ সৃষ্টি হ’ব,সেই ধৰণেৰেই শব্দটো উচ্চাৰিত কৰিব যন্ত্ৰটোৱে।

ইয়াক দেহত সংস্থাপিত কৰিব নালাগে। ইয়াৰ মূল্যও বৰ বেছি নহ’ব। বৰ্তমান লেবৰেটৰীত ইয়াৰ প্ৰস্তুত মূল্য ২০০০টকাৰ ভিতৰতে সীমাৱদ্ধ। সেয়েহে যন্ত্ৰটি অতি কম মূল্যতে উপলৱদ্ধ হ’ব। বৰ্তমান ইয়াৰ পেটেণ্টো লাভ কৰিছে গৱেষক-বিজ্ঞানী লক্ষ্মী নাৰায়ণ শৰ্মাই।

এথিকেল কিছু কথা-বতৰা আছে। চিকিৎসাজনিত কিছু সম্পৰীক্ষা আৰু অনুমতিৰ অন্তত উপলব্ধ হ’ব এই যন্ত্ৰটো। ২০২১চনৰ তথ্য অনুসৰি ভাৰতত আছে ১২লাখ মুকবধিৰ লোক। সমগ্ৰ বিশ্বত সেই সংখ্যা কোটিৰো অধিক হ’ব। এই সকলোবোৰ লোকৰ বাবে এতিয়া আশাৰ বতৰা হৈ পৰিছে এই খবৰ। তাতোকৈ সুখবৰ খবৰ যে এজন অসমীয়া বিজ্ঞানীয়ে এনে মহৎ আৱিষ্কাৰ কৰি মানৱ জাতিৰ বাবে অমূল্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।

গৱেষক-বিজ্ঞানী ড০ শৰ্মাই নীৰৱে কৰি গৈছে এই কাম। সহজ আৰু সৰল মানুহজনে এই কামৰ বাবে অভিনন্দন জনাওতে ক’লে- ৯৯শতাংশ কাম সফলতাৰে হৈ গৈছে। বাকীখিনি সম্পন্ন কৰি সৰ্বসাধাৰণৰ ব্যৱহাৰ্থে ইয়াক সাজু কৰি তুলিবলৈ যাৱতীয় যিখিনি কৰণীয় আছে,সেইখিনি কৰি থকা হৈছে এতিয়া।

‘কণ্ঠ’ ঘূৰাই দিয়া যন্ত্ৰ আৱিষ্কাৰ অসমীয়া বিজ্ঞানীৰ...
আপুনি কওক চাৰ- ৯০% কৰিম নেকি উত্তীৰ্ণৰ হাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in