বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ হাতত পৰশত প্ৰাণ পাই উঠিল ১০০ ৰেডিঅ'ৰ ভাস্কৰ্য

প্ৰায় ৭ টন বালি ব্যৱহাৰ কৰি এই ভাস্কৰ্য নিৰ্মাণ কৰিছে।বালিৰে নিৰ্মিত ১০০ টা ৰেডিঅ'ৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীৰো ভাস্কৰ্য সৃষ্টি
বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ হাতত পৰশত প্ৰাণ পাই উঠিল ১০০ ৰেডিঅ'ৰ ভাস্কৰ্য

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত অনুষ্ঠানকলৈ দেশ জুৰি ব্যপক আয়োজন। কিয়নো শীৰ্ষক অনুষ্ঠানটিয়ে আহি আহি ভৰি দিছেহি শততম খণ্ডত।

এই শততম খণ্ডটি দেশৰ ঐতিহাসিক কৃৰ্তীচিহ্ন থকা ১৩টা স্থানত আয়োজন কৰিব।অসমৰ ৰংঘৰতো ইয়াকেলৈ ব্যপক প্ৰস্তুতি চলিছে। দেশৰ আন আন স্থানসমূহত প্ৰস্তুতি চলি থকাৰ মাজতে, মন কি বাতৰ শততম অনুষ্ঠানকলৈ পুৰীত আন্তঃৰাষ্ট্ৰীয় বলুকা শিল্পী সুদৰ্শন পট্টনায়কৰ অভিনৱ সৃষ্টি।

শিল্পীগৰাকীয়ে উৰিষ্যাৰ পুৰীৰ সমুদ্ৰতীৰত মন কি বাতৰ ১০০ টা খণ্ড উদযাপন কৰিবলৈ ১০০ টা ৰেডিঅ'ৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বালিৰ ভাস্কৰ্য নিৰ্মাণ কৰে। জানিব পৰা মতে পাটনায়কে প্ৰায় ৭ টন বালি ব্যৱহাৰ কৰি এই ভাস্কৰ্য নিৰ্মাণ কৰিছে।বালিৰে নিৰ্মিত ১০০ টা ৰেডিঅ'ৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীৰো ভাস্কৰ্য সৃষ্টি কৰে শিল্পী পাটনায়কে।

বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ হাতত পৰশত প্ৰাণ পাই উঠিল ১০০ ৰেডিঅ'ৰ ভাস্কৰ্য
ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত মন কি বাতৰ শততম খণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in