ৰামদেৱৰ বাবেই উচ্চতম ন্যায়ালয়ৰ ভৰ্ত্‌সনাৰ সন্মুখীন নৰেন্দ্ৰ মোডী চৰকাৰ

সৰ্বোচ্চ ন্যায়ালয়ে ক'ল- চকু বন্ধ কৰি আছে কেন্দ্ৰীয় চৰকাৰে
ৰামদেৱৰ বাবেই উচ্চতম ন্যায়ালয়ৰ ভৰ্ত্‌সনাৰ সন্মুখীন নৰেন্দ্ৰ মোডী চৰকাৰ
ৰামদেৱৰ বাবেই উচ্চতম ন্যায়ালয়ৰ ভৰ্ত্‌সনাৰ সন্মুখীন নৰেন্দ্ৰ মোডী চৰকাৰ

ডিজিটেল ডেস্কঃ যুগ গুৰু তথা ব্যৱসায়ী ৰাম দেৱৰ বাবে উচ্চচতম ন্যায়ালয়ৰ ভৰ্ত্‌সনাৰ সন্মুখীন হ'ল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। পতঞ্জলিৰ ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পাছত বিষয়টো পুনৰ পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয়- 'চৰকাৰে চকু বন্ধ কৰি বহি আছে।'

উল্লেখ্য যে, ২০২৩ ৰ নৱেম্বৰ মাহতেই উচ্চতম ন্যায়ালয়ে এক গোচৰৰ ৰায়ত কৈছিল ভুৱা তথ্য দি বিজ্ঞাপন তৈয়াৰ কৰিলে ১ কোটি টকা পৰ্যন্ত জৰিমণা ভৰিব লাগিব ৰামদেৱৰ মালিকানাধীন সংস্থাটোৱে। সেই গোচৰৰ সন্দৰ্ভতেই উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰিছে।

আধুনিক ঔষধৰ বিৰোধিতা কৰি ভুল তথ্যৰে বিজ্ঞাপন দিয়াৰ এক অভিযোগ উত্থাপন কৰি আই এম এফ কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। পতঞ্জলিৰ এনে বিজ্ঞাপনসমূহক তিৰস্কাৰো কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।

গোচৰটোৰ ৰায়ত কৈছিল বিভ্ৰান্তিকৰ বা ভুৱা তথ্যৰে বিজ্ঞাপন তৈয়াৰ কৰিব নোৱাৰিব। আজি সেই প্ৰসংগতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিলে ন্যায়ালয়ে। এই বিষয়ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই অতি দুৰ্ভাগ্যজনক আখ্যা দি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

ইয়াৰোপৰি উচ্চতম ন্যায়ালয়ত চৰকাৰী পক্ষৰ হৈ উপস্থিত থকা অধিবক্তাৰ জৰিয়তে কেন্দ্ৰক এনে ভুৱা মেডিকেল সম্পৰ্কীয় বিজ্ঞাপনৰ বিষয়টো সমাধান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিছে।

যোৱা ২০২৩ ৰ নৱেম্বৰত ৰামদেৱ আৰু তেওঁৰ প্ৰতিষ্ঠান পতঞ্জলিক ভৰ্ত্‌সনা কৰিছিল উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে কৈছিল- ৰামদেৱে যিদৰে যোগক জনপ্ৰিয় কৰিছে তাৰ বাবে তেওঁক আমি শ্ৰদ্ধা কৰোঁ। কিন্তু তেওঁ অন্য ব্যৱস্থাক সমালোচনা কৰাটো উচিত নহয়। তেওঁৰ বিজ্ঞাপনত সকলো চিকিৎসকক হত্যাকাৰী হিচাপে উপস্থাপন কৰা হৈছে। ডাঙৰ ডাঙৰ বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে।

ইফালে ৰামদেৱৰ বিৰুদ্ধেও একাধিক গোচৰ ওলমি আছে উচ্চতম ন্যায়ালয়ত। কোভিড মহামাৰীৰ সময়ত কোৰোনাৰ চিকিৎসাত এলোপেথিক ব্যৱহাৰ সন্দৰ্ভত একাধিক নেতিবাচক মন্তব্য কৰিছিল ৰাম দেৱে। চিকিৎসকসকলকো তেওঁ আক্ৰমণৰ লক্ষ্য কৰি সমালোচনা কৰিছিল। তাৰ মাজতে আই এম এফে একাধিক ৰাজ্যত তেওঁৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছিল। এই সকলো গোচৰৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৰামদেৱ।

ৰামদেৱৰ বাবেই উচ্চতম ন্যায়ালয়ৰ ভৰ্ত্‌সনাৰ সন্মুখীন নৰেন্দ্ৰ মোডী চৰকাৰ
'ধুমুহা আহিছে ৰাজীৱ ভৱনত, নাইকিয়া কৰিছে কংগ্ৰেছক'- মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in