'ধুমুহা আহিছে ৰাজীৱ ভৱনত, নাইকিয়া কৰিছে কংগ্ৰেছক'- মন্ত্ৰী পীযুষ হাজৰীকা

ভূপেন কুমাৰ বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া
'ধুমুহা আহিছে ৰাজীৱ ভৱনত, নাইকিয়া কৰিছে কংগ্ৰেছক'- মন্ত্ৰী পীযুষ হাজৰীকা
'ধুমুহা আহিছে ৰাজীৱ ভৱনত, নাইকিয়া কৰিছে কংগ্ৰেছক'- মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ যিমানেই চমু চাপি আহিছে নিৰ্বাচন, ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে। এনে সময়তে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 'ধুমুহা আহি আছে’ বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰীগৰাকীয়ে ওলোটাই 'ধুমুহা ক’ত আহিছে’ বুলি প্ৰশ্ন কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে, ক’ত ধুমুহা? তেওঁলোকৰ দলততো সদায় ধুমুহা আহে, ধুমুহা আমালৈকে নাহে, তেওঁলোকৰ দললৈ সদায় ধুমুহা আহে। তেওঁলোকে সেইটোকে যদি কৈছে মই মানি ল’ব লাগিব। তেওঁলোকৰ কোনোবা বিধায়ক, ডাঙৰ ডাঙৰ নেতা, কাৰ্যকৰ্তা বিজেপি লৈ আহি আছে। গতিকে ধুমুহা হৈ আছে ভূপেন বৰাৰ ঘৰত, ধুমুহা হৈ আছে ৰাজীৱ ভৱনত, ধুমুহা হৈ আছে কংগ্ৰেছ পাৰ্টীত। আমাক ধুমুহাই একো কৰিব নোৱাৰে, কাৰণ অসমৰ মানুহ আমাৰ আগত আছে। ধুমুহা যদি আমালৈকে আহে অসমৰ মানুহে ধুমুহাক ভেটা দিবলৈকে আমাৰ আগত থিয় দিব, বিজেপি দলৰ আগত থিয় দিব। গতিকে কোনো ধুমুহাই আমাক একো কৰিব নোৱাৰে। ধুমুহাই অকল কংগ্ৰেছকহে নাইকিয়া কৰিছে, কংগ্ৰেছক ক্ষতি কৰিছে।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত কংগ্ৰেছৰ এলায়েন্স সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কয় যে, তেওঁলোকৰ এয়া চাহমেল, ভোজভাত খোৱা এলায়েন্স, তাৰ বাহিৰে একো নহয়। যিকেইটা দল এই এলায়েন্সত আছে, দলকেইটাৰ নামো কোনেও নাজানে বুলি মন্ত্ৰীগৰাকীয়ে কয়। আচলতে এলায়েন্সৰ নামত কেইটামান ক্লাবে লগ লাগি চাহমেল কৰা, ভোজভাত খোৱা কামবোৰ কৰি আছে বুলি তেওঁ কয়।

কংগ্ৰেছক ধুমুহাই এনেকে কোবাইছে যে তেওঁলোকে ক’ৰবাত সৰু ঘৰ এটাত বহি চাহ-ভাত খোৱাৰ বাহিৰে একো নাই বুলি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে।

'ধুমুহা আহিছে ৰাজীৱ ভৱনত, নাইকিয়া কৰিছে কংগ্ৰেছক'- মন্ত্ৰী পীযুষ হাজৰীকা
কাৰ্যালয় চলি থকাৰ সময়তে খহি পৰিল ছাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in