অসম সন্তান উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি...

অসম সন্তান উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি...

author-image
Asomiya Pratidin
New Update
অসম সন্তান উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি...

অসম সন্তান উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি...

ডিজিটেল ডেস্কঃ তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰি থকা উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হৈছে। তেওঁক এই পদোন্নতি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ আগবঢ়াইছে।

Advertisment

উল্লেখ্য যে দেশৰ সর্বোচ্চ ন্যায়ালয়ত খালী হৈ আছে তিনিগৰাকী ন্যায়াধীশৰ পদ। এই তিনিওটা পদ পূৰণৰ বাবে কলেজিয়ামে পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শত প্ৰথমেই ন্যায়াধীশ উজ্জ্বল ভূঞাৰ নাম উল্লেখ কৰিছে। আনহাতে কলেজিয়ামে পদোন্নতিৰ পৰামৰ্শ দিয়া আন এগৰাকী ন্যায়াধীশ হ'ল কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভেংকটা নাৰায়ণা ভাট্টী।

২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব লোৱা ভূঞাই বিগত বৰ্ষৰ ২৮ জুনৰ পৰা তেলেংগানাৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব পালন কৰি আছে। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ব'ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব পালন কৰিছিল।

১৯৬৪ চনত গুৱাহাটীত জন্মগ্রহণ কৰা ন্যায়াধীশ ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল এম ডিগ্ৰী গ্ৰহণ কৰাৰ পিচত ১৯৯১ চনত গুৱাহাটীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈছিল। ২০১১ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

২০১৯ চনত তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব গ্রহণ কৰিছিল। কলেজিয়ামাৰ পৰামৰ্শ অনুসৰি ন্যায়াধীশ ভূঞাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব লাভ কৰিলে সর্বোচ্চ ন্যায়ালয়ত অসমৰ ন্যায়াধীশৰ সংখ্যা দুজনলৈ বৃদ্ধি পাব।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত অসম সন্তান ন্যায়াধীশ হৃষীকেশ ৰয়ে উচ্চতম ন্যায়ালয়ৰ ন্যয়াধীশৰূপে শপত গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৫ চনলৈকে আছে।

Also Read: টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ দৰমহাই চকু কপালত তুলিব আপোনাৰ...

উচ্চতম ন্যায়ালয়