Electoral Bonds: চুপ্ৰীম ক'ৰ্টৰ বাৰ এছ'চিয়েচনত বিভাজন, অধ্যক্ষৰ বিৰোধ কাৰ্যকৰী সমিতিৰ

অধ্যক্ষই অকৰ্তৃত্বশীলভাৱে ৰাষ্ট্ৰপতিলৈ লিখা পত্ৰই আনিছে বিভাজন
Electoral Bonds: চুপ্ৰীম ক'ৰ্টৰ বাৰ এছ'চিয়েচনত বিভাজন, অধ্যক্ষৰ বিৰোধ কাৰ্যকৰী সমিতিৰ
Electoral Bonds: চুপ্ৰীম ক'ৰ্টৰ বাৰ এছ'চিয়েচনত বিভাজন, অধ্যক্ষৰ বিৰোধ কাৰ্যকৰী সমিতিৰ

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে ইলেক্ট্ৰৰেল বণ্ডৰ সন্দৰ্ভত লোৱা কঠোৰ স্থিতিত চুপ্ৰীম ক'ৰ্ট বাৰ এছ'চিয়েচনৰ মাজত সৃষ্টি হৈছে বিভাজন। এছ'চিয়েচনৰ সভাপতি আদিশ চি আগৰৱালে ইলেক্ট্ৰৰেল বণ্ডৰ ৰায়ৰ সম্পৰ্কীয় এক পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাক লৈ অসন্তুষ্ট হৈ পৰিছে চুপ্ৰীম ক'ৰ্ট বাৰ এছ'চিয়েচনৰ কাৰ্যকৰী সমিতি।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ইলেক্ট্ৰৰেল বণ্ডক অসাংবিধানিক আখ্যা দি এই বণ্ডৰ আধাৰত কোন দলে, কিমান ধন লাভ কৰিলে, কোন কৰ্পোৰেট গোষ্ঠীয়ে কিমান ধন দিলে তাৰ সবিশেষ তথ্য দাখিল কৰিবলৈ ভাৰতীয় ষ্টেট বেংকক নিৰ্দেশ প্ৰদান কৰিছিল। এছ বি আইয়ে প্ৰথমে নিৰ্ধাৰিত সময়ত সেই তথ্য দাখিল কৰিব নোৱাৰিব বুলি জনাইছিল যদিও উচ্চতম ন্যায়ালয়ৰ কঠোৰস্থিতিত নিৰ্ধাৰিত ১২ মাৰ্চতেই সেই তথ্য দাখিল কৰিবলৈ বাধ্য হ'ল।

এনে পৰিস্থিতিৰ মাজতে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ সভাপতি অদিশ চি আগৰৱালে ৰাষ্ট্ৰপতিলৈ এক পত্ৰ প্ৰেৰণ কৰি ইলেক্ট্ৰৰেল বণ্ড সম্বন্ধীয় সিদ্ধান্তৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ল'বলৈ আহ্বান জনাইছে।

অল ইণ্ডিয়া বাৰ এছ'চিয়েচনৰ পেডত লিখা এই পত্ৰক কাৰ্যকৰী সমিতিয়ে অদিশ চি আগৰৱালৰ ব্যক্তিগত স্থিতি বুলিহে উল্লেখ কৰি কাৰ্যকৰী সমিতিয়ে এই পত্ৰৰ ভাষাকো নিন্দা কৰিছে। ইয়াৰোপৰি এনে পদক্ষেপক সৰ্বোচ্চ ন্যায়ালয়ৰ ক্ষমতা দুৰ্বল আৰু শেষ কৰাৰ এক প্ৰয়াস বুলিও উল্লেখ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ অধ্যক্ষ অদিশি চি আগৰৱালে পত্ৰখনত লিখিছে, যেতিয়ালৈকে উচ্চতম ন্যায়ালয়লে ইলেক্ট্ৰৰেল বণ্ডৰ গোচৰৰ দ্বিতীয়বাৰৰ বাবে শুনানি গ্ৰহণ নকৰে তেতিয়ালৈকে এই গোচৰৰ সম্বন্ধীয় সিদ্ধান্ত কাৰ্যকৰী কৰিব নালাগে। আগৰৱালে পত্ৰখনত লিখিছে, বিভিন্ন ৰাজনৈতিক দলক চান্দা দিয়া কৰ্পোৰেট গোষ্ঠীসমূহৰ নাম প্ৰকাশ কৰিলে তেওঁলোক নিৰ্যাতনৰ দৃষ্টিকোণৰ পৰা অসুৰক্ষিত হৈ পৰিব। যদিহে কৰ্পোৰেট গোষ্ঠীৰ নাম আৰু বিভিন্ন দলক দিয়া চান্দাৰ পৰিমাণ প্ৰকাশিত হয় তেতিয়া কম চান্দা পোৱা ৰাজনৈতিক দলৰ দ্বাৰা এই গোষ্ঠীসমূহ আক্ৰমণৰ লক্ষ্য হৈ পৰাৰ সম্ভাৱনাক নস্যাত কৰিব নোৱোৰি। তেওঁলোকক হাৰাশাস্তি কৰিব পাৰে। কৰ্পোৰেট গোষ্ঠীৰ স্বেচ্ছামূলক চান্দা স্বীকাৰ কৰাৰ সময়ত তেওঁলোকক দিয়া প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি অহাৰ দৰে হ'ব।

তেওঁ পুনৰ লিখিছে, এই তথ্য প্ৰকাশে ভৱিষ্যতে কৰ্পোৰেট গোষ্ঠীসমূহে দিয়া এনে চান্দা হ্ৰাস কৰিব আৰু এনে কাৰ্যই বিদেশী কৰ্পোৰেট সংস্থাসমূহক ভাৰতত তেওঁলোকৰ ব্যৱসায় স্থাপন কৰা বা গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাত নিৰুৎসাহিত আৰু বাধা দিব।

অল ইণ্ডিয়া বাৰ এছ'চিয়েচনৰ পেডত লিখা এই পত্ৰত আগৰৱালৰ স্বাক্ষৰৰ তলত তেওঁৰ পদবী এছ চি বি এ অৰ্থাত চুপ্ৰিম ক'ৰ্ট বাৰ এছ'চিয়েচনহে লিখা আছে। এই পত্ৰৰ বিৰুদ্ধে এছ চি বি এৰ সচিব ৰোহিত পাণ্ডেয়ে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। এই প্ৰস্তাৱত তেওঁ লিখিছে- চুপ্ৰিম ক'ৰ্ট বাৰ এছ'চিয়েচনৰ কাৰ্যকৰী সমিতিৰ বাবে এইটো স্পষ্ট কৰাটো জৰুৰী হৈ পৰিছে যে সমিতিয়ে ৰাষ্ট্ৰপতিলৈ এই ধৰণৰ কোনো পত্ৰ লিখিবলৈ অধ্যক্ষক কোনো কৰ্তৃত্ব প্ৰদান কৰা নাই আৰু ইয়াত প্ৰকাশ কৰা মতামতৰ সৈতে কাৰ্যকৰী সমিতি সহমত নহয়।

উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েচনৰ কাৰ্যকৰী সমিতিয়ে এই কাৰ্যৰ লগতে পত্ৰৰ ভাষাক ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ কৰ্তৃত্ব কৰ্তন আৰু দুৰ্বল কৰাৰ প্ৰয়াস হিচাপে বিবেচনা কৰিছে আৰু ইয়াক স্পষ্ট ৰূপত গৰিহণা দিছে।

Electoral Bonds: চুপ্ৰীম ক'ৰ্টৰ বাৰ এছ'চিয়েচনত বিভাজন, অধ্যক্ষৰ বিৰোধ কাৰ্যকৰী সমিতিৰ
আৰ চি বিৰ শিবিৰত কেতিয়া যোগ দিব বিৰাটে ? টি-২০ বিশ্বকাপক লৈয়ো চৰ্চা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in