আৰ চি বিৰ শিবিৰত কেতিয়া যোগ দিব বিৰাটে ? টি-২০ বিশ্বকাপক লৈয়ো চৰ্চা...

২২ মাৰ্চৰ পৰা আই পি এল , প্ৰথম মেচতেই চেন্নাইৰে যুঁজ আৰ চি বিৰ
আৰ চি বিৰ শিবিৰত কেতিয়া যোগ দিব বিৰাটে ? টি-২০ বিশ্বকাপক লৈয়ো চৰ্চা...
আৰ চি বিৰ শিবিৰত কেতিয়া যোগ দিব বিৰাটে ? টি-২০ বিশ্বকাপক লৈয়ো চৰ্চা...

ডিজিটেল ডেস্কঃ শীঘ্ৰেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত যোগদান কৰিব বিৰাট কোহলিয়ে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ১৭ মাৰ্চৰ পূৰ্বেই আৰ চি বিৰ প্ৰস্তুতি শিবিৰত যোগদান কৰিব বিৰাট কোহলিয়ে। উল্লেখ্য, ১৯ মাৰ্চত চিন্নাস্বামী ষ্টেডিয়ামত আছে আৰ চি বিৰ বাৰ্ষিক প্ৰমোচনেল ইভেণ্টছ।

চলিত বছৰৰ আই পি এলৰ ছিজন আৰম্ভ হ'ব অহা ২২ মাৰ্চৰ পৰা। প্ৰথমখন মেচতেই মুখামুখী হ'ব আৰ চি বি আৰু চি এছ কে। সম্প্ৰতি ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট ছিৰিজৰ পৰা নিজকে আঁতৰাই ৰাখিছিল বিৰাট কোহলিক।

ইয়াৰ পূৰ্বে আফগানিস্তানৰ বিৰুদ্ধে খেলা ৩ খন টি-২০ ছিৰিজৰ পাছৰে পৰা বিৰাট কোহলিক দেখা নাই খেল পথাৰত। দীৰ্ঘদিন ধৰি খেল পথাৰৰ পৰা আঁতৰি থকা বিৰাটক আই পি এলতহে দেখা পোৱা যাব কোহলিক।

উল্লেখ্য যে, আৰ চি বিৰ অধিনায়ক ফাফ ডুপ্লেছিয়ে মঙ্গলবাৰে আৰ চি বিৰ শিবিৰত যোগদান কৰিছে। ইয়াৰ মাজতে খবৰ প্ৰকাশ পাইছে দলৰ চাহিদা অনুযায়ী খেলিব পৰা নাই কোহলিয়ে। সেয়েহে টি-২০ বিশ্বকাপৰ দলৰ পৰা বিৰাট কোহলিক বাদ দিয়া হ'ব পাৰে বুলিও চৰ্চা হৈছে।

অৱশ্যে টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক হৈ থাকিব ৰোহিত শৰ্মাই। বি চি চি আইৰ সচিব জয় শ্বাহে ইতিমধ্যে এই কথা স্পষ্টকৈ ঘোষণা কৰিছে। বিৰাটক দলত স্থান দিয়াক লৈ মেনেজমেণ্টে বিৰাটৰ সৈতে আলোচনাও কৰিব। কিন্তু খবৰ অনুসৰি ৰোহিত আৰু বিৰাট দুয়ো দলত থকাটো বিচাৰিছে বি চি চি আইৰ এটা অংশই।

আৰ চি বিৰ শিবিৰত কেতিয়া যোগ দিব বিৰাটে ? টি-২০ বিশ্বকাপক লৈয়ো চৰ্চা...
ৰঙিয়াৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in