/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bb4e7c0e-ae52-451d-8815-e60b0cf0a499/AP_FOR_WEB_CAA.jpg)
ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰা আবেদনৰ আজি গুৰুত্বপূৰ্ণ শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে। 'কা'ৰ অধিনিয়মক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি হ’ব উচ্চতম ন্যায়ালয়ত।
উল্লেখযোগ্য যে ইতিমধ্যে 'কা' বাতিলৰ দাবী জনায় মুঠ ২৩৭খন আবেদন দাখিল কৰা হৈছে উচ্চতম ন্যায়ালয়ত। নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছ’, আছু, এজেৱাইচিপি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ লগতে অসম তথা উত্তৰ-পূৱৰ কেইবাটাও দল-সংগঠনে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব দাখিল হোৱা আবেদনৰ শুনানি।