/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e7f331e0-698b-4cd5-87ce-865cda3e65fa/3.jpg)
ডিজিটেল সংবাদ, টিহুঃ সোমবাৰে নিশা টিহুৰ হাৰিভাংগা পথত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা। পথৰ দাঁতিৰ গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত হয় AS-01-FF-9154 নম্বৰৰ মাৰুতি ইগনিছ বাহনখন ।
থিতাতে নিহত হয় বাহনখনৰ চালক সমীৰণ পাঠকৰ। টিহুৰ নান্নাট্ৰাৰী নিবাসী তথা ৰাজ্যৰ এগৰাকী পৰিচিত চিত্ৰশিল্পী আছিল সমীৰণ পাঠক। চিত্ৰশিল্পী সমীৰণ পাঠকৰ বিয়োগত অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।