/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ca6a1e33-66a2-45cc-a91c-097201385559/sunita_bhuyan_07.jpg)
ভায়োলিন বাদক সুনীতা ভূঞালৈ আন্তঃৰাষ্ট্ৰীয় বঁটা...
ডিজিটেল ডেস্কঃ মুম্বাইস্থিত অসমৰ জীয়ৰী সুনীতা ভূঞাই লাভ কৰিবলৈ সক্ষম হৈছে ২০২২ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় SheInspires Award। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভায়োলিন বজাই ইতমধ্যে বিশেষ পৰিচয় লাভ কৰিছে সুনীতা ভূঞাই ।
এইছ আৰ প্ৰফেচনেল সুনীতা ভূঞাই জয় কৰিছে গ্লোবেল কালচাৰ চেম্পিয়ন এৱাৰ্ডো। তেওঁ সংগীতৰ জৰিয়তে বিশ্বত সুস্থতা, সৃজনশীলতা আৰু দক্ষতাৰে নেতৃত্ব প্ৰদান কৰাৰ বাবেই এই বঁটা লাভ কৰিছে।
SheInspires Award গ্ৰহণ কৰি সুনীতা ভূঞাই কয়, এই বঁটা জয় কৰি মই অতি আনন্দিত। এই বছৰ প্ৰতিযোগিতাখন যথেষ্ট শক্তিশালী আছিল। মই এই বঁটা লাভ কৰাৰ ববে অতি কৃতজ্ঞ আৰু সংগীতৰ জৰিয়তে অধিক জীৱনপ্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিম। মই ভাৰতীয় লোক আৰু শাস্ত্ৰীয় দুয়োবিধ সংগীতৰ ধাৰা ব্যৱহাৰ কৰি মোৰ সাংগীতিক কাম কৰি যাম।
উল্লেখ্য যে SheInspires Award ৰ বাবে ডেনমাৰ্ক, ভাৰত, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ইউ.এ.ই., অষ্ট্ৰেলিয়া, মালয়েছিয়া, শ্ৰীলংকা, স্পেইন, দোহা, জাৰ্মানী আৰু তুৰ্কীৰ লগতে বৃটেইনৰ বহু প্ৰতিযোগিয়ে মনোনয়ন লাভ কৰিছিল যদিও সুনীতা ভূঞাই লাভ কৰে এই বঁটা।
ক্লিক কৰি পঢ়কঃ আলট্ৰাই খুন্দিয়ালে দোকানতঃ থিতাতে নিহত অধ্যাপক