আলট্ৰাই খুন্দিয়ালে দোকানতঃ থিতাতে নিহত অধ্যাপক

আলট্ৰাই খুন্দিয়ালে দোকানতঃ থিতাতে নিহত অধ্যাপক
আলট্ৰাই খুন্দিয়ালে দোকানতঃ থিতাতে নিহত অধ্যাপক

ডিজিটেল ডেস্কঃ পুনৰ বকোত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বকোৰ লামপাৰাত এখন যাত্ৰীবাহী আলট্ৰা পথ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত নিহত হৈছে এগৰাকী অধ্যাপক।

জানিব পৰা মতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অধ্যাপকগৰাকী বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ড০ অঞ্জনজ্যোতি বৰা। মহাবিদ্যালয়খনিৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আছিল প্ৰয়াত বৰা।

পথ দুৰ্ঘটনাত পতিত হোৱা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এখন দোকানত খুন্দা মাৰে। এখন কণ্টেইনাৰ বাহন অতিক্ৰম কৰিবলৈ গৈয়ে এইদৰে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে। আনহাতে বাছখনে মহতিয়াই নিছে এখন ই-ৰিক্সাও।

এই দুৰ্ঘটনাৰ ফলতেই বাছখনত থকা অঞ্জনজ্যোতি বৰাৰ মৃত্যু হয়। আনহাতে এই দুৰ্ঘটনাত আহত হৈছে বাছখনত থকা আন কেইবাজনো যাত্ৰী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in