
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটত চমন জাৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ দ্বাৰা দাখিল কৰা মানহানিৰ অভিযোগত ৰাজস্থানৰ মুখ্যমন্ত্ৰী গৰাকীক আদালতে এই চমন জাৰি কৰে।
অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰপ্ৰীত সিঙে এই নিৰ্দেশ জাৰি কৰে। সঞ্জীৱনী কেলেংকাৰী সন্দৰ্ভত গেহলটে কৰা মন্তব্য সন্দৰ্ভত শ্বেখাৱতে আদালতত আবেদন দাখিল কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতেই ৭ আগষ্টত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে।
এই গোচৰটো সঞ্জীৱণী ক্ৰেডিট কোৰ্পাটেৰিভি চোচাইটিৰ প্ৰায় ৯০০ কোটি টকাৰ লগত জড়িত। শ্বেখাৱতে অভিযোগ উত্থাপন কৰি কৈছে যে , গেহলটে কেলেংকাৰী সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল। যাৰ দ্বাৰা তেওঁৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ আৰু ৰাজনৈতিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাবলৈ চেষ্টা কৰা বুলি কয়।