তেনে মন্ত্ৰী হৈনো কিয় আছে আপুনি ?

তেনে মন্ত্ৰী হৈনো কিয় আছে আপুনি ?

মৃদুল কুমাৰ সন্দিকৈ

আমাকনো তেনে যোগানমন্ত্ৰী এজন কিয় লাগে? যদি একো দায়িত্বয়েই নাই এই বিভাগৰ, বিভাগটোৰ মন্ত্ৰীজনৰ তেন্তে তেনে এটা বিভাগ বা মন্ত্ৰী থকাতকৈ নথকাই ভাল। সৰ্বত্ৰে মূল্যবৃদ্ধিৰ জুই জ্বলি থকাৰ সময়ত যোগান বিভাগৰ মন্ত্ৰীজনে যদি মই কি কৰিম বুলি অসহায় স্বীকাৰোক্তি দিয়ে তেন্তে তেওঁৰ পৰা আৰু কি আশা কৰিব পাৰি?

খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ দাস। এজন অত্যন্ত ভদ্ৰ আৰু আময়িক মানুহ। কিন্তু মন্ত্ৰী হিচাপে তেওঁৰ সৈতে নিষ্কৰ্মা বিশেষণ ব্যৱহাৰ কৰাৰ সলনি আন কি শব্দ বাৰু ব্যৱহাৰ কৰিব পাৰি ?

বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে। সাধাৰণ মানুহৰ কথা বাদেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ লোৱা বিশিষ্ট সাহিত্যিক কুল শইকীয়াৰ দৰে ব্যক্তিয়ে বজাৰলৈ গৈ লিখিব লগা হৈছে- পাচলি বজাৰৰ পৰা উভতিলো, ভাব হ'ল জুুইৰ মাজেৰো খোজ কাঢ়ি আহিলো!

ইয়াতকৈ আৰু কি বাখ্যা কৰিব লাগে মূল্যবৃদ্ধি সন্দৰ্ভত? সাংবাদিকো মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰশ্ন কৰোতে মন্ত্ৰী ৰঞ্জিৎ দাসৰ চিধা উত্তৰ আছিল জিকা, পটলৰ দাম বাঢ়িছে মই কি কৰিম? সংবাদ মাধ্যমকে জগৰীয়া কৰি অসমৰ মানুহ বুৰ্বক নহয় বুলি উল্লেখ কৰি যোগান মন্ত্ৰী জনে মূল্যবৃদ্ধিৰ বাবে তেওঁক জগৰীয়া কৰা বিষয়টোক লৈ কটাক্ষ কৰিলে।

যোগনমন্ত্ৰী কুম্ভকৰ্ণৰ নিদ্ৰাত বুলি সংবাদ মাধ্যমে সমালোচনা কৰিলে অসমৰ মানুহে হাঁহে বুলি নিজে নিজৰ চাফাই গালে। আনকি তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত দেশৰ আন ঠাইৰ তুলনাত অসমত সামগ্ৰীৰ মূল্য যথেষ্ঠ কম বুলি শান্তনা বাণী দিলে।

গুৱাহাটীৰ সৈতে তুলনা কৰিলে বাংগালুৰক। চাবলৈ দিলে প্ৰতিদিনাই ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ কনজিউমাৰ এফায়ৰচে প্ৰতিদিনাই প্ৰকাশ কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ খুচুৰা দামৰ তালিকা।

মন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে কেৱল ৫৬ খন নহয়, দেশৰ প্ৰায়বোৰ চহৰৰ পৰা সংগ্ৰহীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য প্ৰতিদিনেই আৱেলি ৬ বজাত মিনিষ্ট্ৰি অফ কনজিউমাৰ এফায়ৰচে প্ৰকাশ কৰে।

৫ জুলাই ২০২৩ ত প্ৰকাশ কৰা সেই তালিকা দেখি এনে নালাগিল যে তেওঁ কোৱা ধৰণেই অসম বা গুৱাহাটীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দেশৰ ভিতৰতে কম। এই তালিকাত প্ৰকাশ কৰা মূল্যবোৰ কিমান ব্যৱহাৰিক সেই প্ৰশ্ন লৈ নগৈ তুলনামূলকভাৱে আমাৰ সচেতন যোগানমন্ত্ৰীক গুৱাহাটী আৰু আন কেইখনমান চহৰত উক্ত দিনা সামগ্ৰীৰ মূল্য উনুকিয়াই দিব বিচৰা হৈছে।

৫ জুলাইত গুৱাহাটীত চাউলৰ মূল্য প্ৰতিকেজিত এই তালিকাত ৩৭ টকা দেখুওৱা হৈছে। যোগানমন্ত্ৰী ৰঞ্জিৎ দাসে বেয়া পালেও ধৰমশালাত চাউলৰ কেজি আছিল ২৭ টকা, লুধিয়ানাত ৩৫ টকা, কানপুৰত ৩৫ টকা, অযোধ্যাত ৩২ টকা, আহমেদাবাদত ৩৩ টকা আদি।

হয়, আন বহু চহৰত চাউলৰ দাম গুৱাহাটীতকৈ বেছি। কিন্তু গুৱাহাটীত এতিয়া খুচুৰা গ্ৰাহকে ৪০ টকাৰ তলত ১ কেজি চাউল নাপায়। যোগানমন্ত্ৰীজনে বেছি মূল্যৰ চহৰবোৰৰ সৈতে গুৱাহাটীক তুলনা কৰি আত্মসন্তুষ্টি লভিব পাৰে কিন্তু সেই মূল্যবৃদ্ধিৰ জুইয়ে সাধাৰণ ৰাইজক বাৰুকৈ দহে।

এইদিনাই অৰ্থাৎ ৫ জুলাই ২০২৩ ত, ঘেঁহুৰ প্ৰতিকেজি মূল্য গুৱাহাটীত ৩০ টকা। মন কৰিব অসমৰ যোগানমন্ত্ৰীজনে ৰাজধানী দিল্লীত একেদিনাই ঘেঁহুৰ কেজি আছিল ২৮ টকা, হিছাৰত ২৫ টকা, কানপুৰত ২৬ টকা, বাৰনাসীত ২৮ টকা। এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে গুৱাহাটীতকৈ ঘেঁহুৰ দাম ভাৰতৰ আন ঠাইত বেছি নে কম।

কনজিউমাৰ এফাৰচৰ তালিকা অনুসৰি গুৱাহাটীত প্ৰতি কেজি ৰহৰ দাইলৰ দাম আছিল ১৩৫ টকা। দেশৰ আন কেইখনমান চহৰৰ এই দাইলৰ মূল্য আছিল ৰায়পুৰত ১২৩ টকা, আলিপুৰদুৱাৰত ১১৫ টকা, জয়চালমেৰ ১০৯ টকা, ইণ্ডোৰত ১২১ টকা, ভোজ ১০০ টকা, ৰাজকোট ১২৭ টকা।

মগু আৰু মচুৰ দাইলৰ দাম গুৱাহাটীত এই তালিকাত প্ৰতি কেজিত উল্লেখ কৰা হৈছে ১০৩ টকা আৰু ৮১ টকা। পাই জানো গুৱাহাটীৰ দোকানত ৮১ টকাত ১ কেজি মচুৰ দাইল। তথাপিও ধৰি ললো সেয়াই হয়। তালিকা চালে এনে লাগিব গুৱাহাটীতেই বহু সস্তা মগু, মচুৰৰ দাম।

এতিয়া গাখীৰ প্ৰতিলিটাৰ কিমান। কনজিউমাৰ এফাৰচৰ তালিকাৰ মতে গুৱাহাটীত প্ৰতিলিটাৰ গাখীৰৰ মূল্য় ৬৫ টকা। দেশৰ আনবোৰ চহৰৰ গাখীৰৰ মূল্য তুলনা কৰি চাওক এই তালিকাৰ সৈতে। চণ্ডীগড়ত গাখীৰৰ প্ৰতি লিটাৰত ৫৭ টকা, ধৰমশালাত ৪০ টকা, শ্ৰীনগৰত ৪৫ টকা, অমৃতসৰত ৫২ টকা, লুধিয়ানাত ৫৫ টকা, কানপুৰত ৬০ টকা।

মিঠাতেলৰ মূল্যতো গুৱাহাটীৰ সৈতে আছে আন চহৰবোৰৰ বহু পাৰ্থক্য। গুৱাহাটীত মিঠাতেলৰ মূল্য প্ৰতিলিটাৰ পেকেটত ১৪২ টকা বুলি উল্লেখ কৰা হৈছে। ইটানগৰত মিঠাতেলৰ মূল্য প্ৰতিলিটাৰ পেকেটত ১৩০ টকা, জলপাইগুড়িত ১৩০ টকা, মালদাত ১৩৬ টকা, দিল্লীত ১৩০ টকা, হিছাৰত ১১২ টকা আদি।

বিলাহীৰ মূল্য গুৱাহাটীত বৰ্তমান হেনো ৮৫ টকা। সেই মূল্য চণ্ডীগড়ত ৫৮ টকা প্ৰতি কেজি, হিছাৰত ৬২ টকা, শ্ৰীনগৰত ৫০ টকা।

যোগান মন্ত্ৰীজনে গুৱাহাটীতকৈ দাম বেছি হোৱা চহৰবোৰৰ সৈতে আমাক তুলনা কৰিছে। সেই মেট্ৰ'পলিটান চিটিবোৰৰ জীৱনশৈলীৰ সৈতে আমাৰ জানো জীৱনশৈলী মিলে। আমাতকৈ কম দামত সামগ্ৰী যে উপলব্ধ হৈ আছে আন ঠাইত তাৰ তুলনাহে কৰা হৈছে।

এই কথা অৱশ্যে সত্য, উৎপাদনস্থলীৰ সৈতে আমি একেই দামত সামগ্ৰী পাব বিচাৰিলে নহ'ব। সেইবুলি জুই চাই দাম বজাৰত হ'ব আৰু আমি যোগনমন্ত্ৰীক সুধিলে আন চহৰত ইয়াতকৈ বেছি দামত বয়-বস্তু বিক্ৰী হয় বুলি যুক্তি দিলেইতো নহ'ব।

এতিয়া আলুৰ কেজি গুৱাহাটীত ২৫ টকা। সেয়া চৰকাৰে উল্লেখ কৰা নিৰিখ। একেই নিৰিখতে আলু চুবুৰীয়া পশ্চিমবংগৰ বহু চহৰত ১৪ ৰ পৰা ২০ টকা প্ৰতি কিলো পায়। গুৰগাঁৱত প্ৰতি কিলো আলু ১৫ টকা, অমৃতসৰ ১৪ টকা।

কেৱল যোগানমন্ত্ৰীয়ে এইবোৰ নাচায়। সাধাৰণ লোকেও কেতিয়াবা সেই তালিকাত চকু ফুৰায়। শ্ৰীলংকা, পাকিস্তানত চাউলৰ কেজি কিমান সেয়া আমাক নালাগে। আপুনি শ্ৰীলংকা বা পাকিস্তানৰ মন্ত্ৰী নহয়, আমিও সেই দেশৰ নাগৰিক নহয়।

এনেদৰে মূল্যবৃদ্ধি হৈ থাকিলে বয়-বস্তুৰ দাম আৰু আকাশলংঘী হ'বলৈ কিমান পৰ। আপুনিতো নামত যোগানমন্ত্ৰী। আপোনাৰ বিভাগৰ মূল্যবৃদ্ধিৰ সৈতে কি সম্পৰ্ক বুলি আপুনি গা এৰা দিলেও আপোনাৰ পাকঘৰত জুই জ্বলিব। বজাৰৰ পৰা ১০০ টকাৰ কেজিত হলেও শাক-পাচলি কাম কৰা মানুহে কিনি আনিব।

আপোনালোকে আজৰি সময় পালে পাচলিবাৰীত খেতি কৰিব। ভাতকেৰেলা, জিকা, নেমু বাৰীৰ পৰা চিঙি ধুনীয়া ধুনীয়া ফটোবোৰ সামাজিক মাধ্যমত আপলোড দিব। কিন্তু শ্ৰমজীৱী আৰু মধ্যশ্ৰেণীৰ মানুহবোৰৰ আপোনালোকৰ এই ফটো চাই জানো পেট ভৰিব ?

তেনে মন্ত্ৰী হৈনো কিয় আছে আপুনি ?
প্ৰধানমন্ত্ৰীকো ধমক দিছিল মেধিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in