/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b38be12f-baba-49e0-b81b-351e71fa6a27/SRILANKA_1.jpg)
শ্ৰীলংকাত প্ৰৱেশ কৰিব নিদিয়ে চীনৰ গুপ্তচৰ জাহাজঃ ভাৰতক জনালে কলম্বোয়ে...
ডিজিটেল ডেস্কঃ চীনৰ কোনো গুপ্তচৰ জাহাজকে শ্ৰীলংকাৰ বন্দৰত ঠাই দিয়া নহ'ব। ভাৰতক এই কথা জনাইছে শ্ৰীলংকা চৰকাৰে। ভাৰতে পূৰ্বে এই বিষয়ে শ্ৰীলংকাক অনুৰোধ জনাইছিল।
বিদেশ মন্ত্ৰণালয়ৰ এক সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি যোৱা ২১ জুলাইত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিঙঘৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হোৱা এক বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়টো উত্থাপন কৰিছিল। তাৰ পাছতেই শ্ৰীলংকান চৰকাৰে চীনা জাহাজক লৈ গ্ৰহণ কৰিছে এই কঠোৰ স্থিতি।
শ্ৰীলংকাৰ এই স্থিতিক এতিয়া ভাৰতৰ চীনৰ ক্ষেত্ৰত কুটনৈতিক বিজয় বুলিয়েই উল্লেখ কৰিছে ভিন্নজনে। অৱশ্যে শ্ৰীলংকাৰ ফালৰ পৰা এই বিষয়ে এতিয়াও আনুষ্ঠানিক কোনো ঘোষণা কৰা হোৱা নাই।
সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি দেওবাৰে কলম্বোৰ ফালৰ কোৱা হৈছে শ্ৰীলংকাৰ বন্দৰটো বাদেই তেওঁলোকৰ বিশেষ অৰ্থনৈতিক এলেকাট এবছৰলৈ কোনো কাৰণতে প্ৰৱেশ কৰিব নোৱাৰিব চীনা গুপ্তচৰ জাহাজ। এই সূত্ৰই জনাইছে যে, এই সন্দৰ্ভত বিগত দেওবাৰেই নতুন দিল্লীক অৱগত কৰিছে কলম্বোয়ে।
শ্ৰীলংকাৰ এই সিদ্ধান্ত কাৰ্যকৰী হৈছে বছৰৰ প্ৰথমটো দিনৰ পৰা। উল্লেখ্য যে, অহা ৫ জানুৱাৰীত ভাৰত মহাসাগৰৰ গহ্বৰত গৱেষণা কৰিবলৈ কলম্বো বন্দৰলৈ যোৱাৰ কথা আছিল চীনৰ জাহাজ ইয়াং হং-৩।
চীনে এই জাহাজখন অহা মে' মাহলৈকে তাতেই থাকিব বুলি অৱগত কৰিছিল শ্ৰীলংকাক। কিন্তু এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত এই অনুমোদন শ্ৰীলংকা চৰকাৰে বাতিল কৰিছে বুলি জানিব পৰা গৈছে।
গৱেষণাধৰ্মী কামৰ মাজেদি ভাৰত মহাসাগৰৰ আৰু এখন দ্বীপ ৰাষ্ট্ৰ মালদ্বীপলৈ জাহাজ চলাচাল কৰাৰ পৰিকল্পনা কৰিছিল চীনে। বিগত বছৰত চীনৰ নিৰীক্ষণ জাহাজ য়ুয়ান ৱাং-৫য়ে শ্ৰীলংকাৰ এটা বন্দৰত লংগৰ পেলাইছিল।
সেই সময়ত ভাৰতে এই সন্দৰ্ভত এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছিল। ইয়াৰ পিছত আগষ্ট মাহতো চীনৰ আন এখন জাহাজ হাই য়াং ২৪ হাওয়ে শ্ৰীলংকাত লংগৰ পেলাইছিল।
চীনে দাবী কৰিছিল এয়া তেওঁলোকৰ গৱেষণা জাহাজহে। কিন্তু ভাৰতৰ আশংকা এয়া চীনে যুদ্ধজাহাজৰ জৰিয়তে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবলৈ এইদৰে শ্ৰীলংকাৰ বন্দৰ ভ্ৰমণ কৰাৰ লগতে পৰিস্থিতি, পৰিৱেশ নিৰীক্ষণ কৰিছে।
এই সন্দৰ্ভত আমেৰিকায়ো শ্ৰীলংকাক সতৰ্ক কৰি দিছে। তাৰ পিছতে শ্ৰীলংকাই গ্ৰহণ কৰা এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।