মালিনীথানত বছৰৰ প্ৰথম দিনটোত ভক্তৰ ব্যাপক ভিৰ...

মালিনীথানত বছৰৰ প্ৰথম দিনটোত ভক্তৰ ব্যাপক ভিৰ...
মালিনীথানত বছৰৰ প্ৰথম দিনটোত ভক্তৰ ব্যাপক ভিৰ...

ডিজিটেল সংবাদ চিলাপথাৰঃ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাৱালীৰ মালিনীথানত আজি বছৰৰ প্ৰথম দিনটোত দেখা গ'ল ভক্তৰ ব্যাপক ভিৰ।শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে বিভিন্ন জিলাৰ পৰা দেৱীমাৰ আশীষ লাভৰ বাবে দেখা গৈছে ভক্তৰ লানী নিছিগা শাৰী।

লোকবিশ্বাস অনুসৰি কেইবা শতিকৰ পূৰ্বে কোনো চুতীয়া ৰজাই নিৰ্মাণ কৰা এই বুৰঞ্জীপ্ৰসদ্ধ মালিনী থানৰ দৰ্শন কৰিলে পূৰণ হয় মনোকামনা। সেয়ে হাতে হাতে চাকি- বন্তি লৈ অপায় অমংগল নাশি, প্ৰশান্তি কামনাৰে মালিনীৰ চৰণত অৰ্পন কৰিলে নৈবেদ্য।

লগতে মা মালিনীথানৰ চৌহদত শাৰী শাৰী কৈ সজাই থোৱা হিন্দু দেৱ-দেৱীৰ কৌটিকলীয়া ভাস্কৰ্য দৰ্শন কৰি ধন্য হ'ল ভক্তপ্ৰাণ ৰাইজে।

মালিনীথানত বছৰৰ প্ৰথম দিনটোত ভক্তৰ ব্যাপক ভিৰ...
নতুন বছৰটোৰ আৰম্ভণিতে গুৱাহাটীবাসীক ২০০ খন ইলেকট্ৰিক বাছ উপহাৰ ৰাজ্য চৰকাৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in