বৰপেটাৰ হাউলীত শোকাৱহ পথ দুৰ্ঘটনা

বৰপেটাৰ হাউলীত শোকাৱহ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটাৰ হাউলীত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা । দৈত্যৰূপী তীব্ৰবেগী ডাম্পাৰৰ খুন্দাতথিতাতে নিহত হল চাইকেল আৰোহী । হাউলী জুনিয়ৰ কলেজৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ নিহত চাইকেল আৰোহীজন হাউলীৰ লাচিত ৰোডৰ জয় কৃষ্ণ শীল ।

জয় কৃ্ষ্ণ শীলে চাইকেল লৈ কামলৈ ওলাই যোৱাৰ সময়তে AS 28 C 9152 নম্বৰৰ তীব্ৰ বেগী ডাম্পাৰখনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় । স্থানীয় লোকৰ খবৰ মৰ্মে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ ডাম্পাৰ খন জব্দ কৰে ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি হাউলী চহৰত তীব্ৰবেগী ডাম্পাৰে সন্ত্রাসৰ সৃষ্টি কৰি আহিছে । যাৰফলত খুব সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

বৰপেটাৰ হাউলীত শোকাৱহ পথ দুৰ্ঘটনা
ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in