নিজা বিধায়কৰ পদ খাৰিজ কৰি চৰকাৰ ৰক্ষা কৰিলে কংগ্ৰেছে...

হিমাচল প্ৰদেশ বিধানসভাই দৃষ্টি কাঢ়িছে দেশবাসীৰ
নিজা বিধায়কৰ পদ খাৰিজ কৰি চৰকাৰ ৰক্ষা কৰিলে কংগ্ৰেছে...
নিজা বিধায়কৰ পদ খাৰিজ কৰি চৰকাৰ ৰক্ষা কৰিলে কংগ্ৰেছে...

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ৰণকৌশলত চূড়ান্ত ৰূপত ব্যৰ্থ বিজেপিৰ কৌশল। অৱশেষত ৰক্ষা পৰিল হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ অংকই খেলিমেলি কৰিলে বিজেপিৰ অংক। কোনেও কল্পনা নকৰা এক অংক কৰাৰ সাহস দেখুৱালে কংগ্ৰেছে।

ভাঙিবলৈ ধৰা চৰকাৰ ৰক্ষা কৰিবলৈকে নিজ দলৰ ৬ বিদ্ৰোহী বিধয়াকৰ বিধায়ক পদ খাৰিজ কৰিলে কংগ্ৰেছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছৰে পৰা অস্থিৰ হৈ পৰা হিমাচল প্ৰদেশৰ ৰাজনীতিত প্ৰতি ক্ষণে সলনি হৈছে দৃশ্যপট।

৬৮ জন সদস্যৰে গঠিত হিমাচল প্ৰদেশ বিধানসভাত কংগ্ৰেছৰ আছে ৪০ জন বিধায়ক। বিৰোধী বিজেপিৰ আছে ২৫ গৰাকী বিধায়ক। আছে ৩ জন নিৰ্দলীয় বিধায়ক। ৰাজ্যখনত খালী হোৱা এখন ৰাজ্যসভা আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল কংগ্ৰেছৰ পৰা প্ৰখ্যাত আইনজ্ঞ অভিষেক মনু সিঙঘি আৰু বিজেপিৰ পৰা হৰ্ষ মহাজনে।

সংখ্যাগত দিশৰ পৰা ৰাজ্যখনত কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ বিজয় নিশ্চিত আছিল যদিও ক্ৰছ ভোটিঙৰ বাবেই কংগ্ৰেছ আৰু বিজেপিৰ দুয়োজন প্ৰাৰ্থীয়ে মুঠ ৩৪ টাকৈ ভোট লাভ কৰে। বিজেপিৰ প্ৰাৰ্থীজনে নিজা দলৰ ২৫ টা ভোট, ৩ টা নিৰ্দলীয় ভোট আৰু ৬ টা ভোট কংগ্ৰেছ বিধায়কৰ পৰা লাভ কৰে।

দুয়োজন প্ৰাৰ্থীয়ে সমান ভোট লাভ কৰাত লটাৰীৰ জৰিয়তে বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিজয়ী ঘোষণা কৰে। ইয়াৰ পিছতে বিজেপিয়ে ৰাজ্যখনত আস্থাভোটৰ দাবী কৰে।

উল্লেখ্য যে পৰিষদীয় নিয়ম অনুসৰি ৰাজ্যসভাৰ নিৰ্বাচনত দলীয় হুইপ জাৰি কৰিব নোৱাৰি। সেয়ে ইয়াত ক্ৰছ ভোটিং হ'লেও দলত্যাগ আইনৰ অধাৰত ব্যৱস্থাও গ্ৰহণ কৰিব নোৱাৰি। সেয়েহে কংগ্ৰেছে হাঠিয়াৰ কৰিলে বাজেট অধিৱেশনক।

ৰাজ্যখনত কংগ্ৰেছৰ ৬ গৰাকী বিধায়ক বিদ্ৰোহী হৈ উঠাৰ লগতে মন্ত্ৰী বিক্ৰমাদিত্য সিঙেও বিভিন্ন অভিযোগেৰে পদত্যাগ পত্ৰ দাখিল কৰিছে। অৱশ্যে এই সময়লৈকে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই যদিও তেওঁ সেই পত্ৰ উঠায়ো লোৱা নাই। এনে পৰিপ্ৰেক্ষিতত বিজেপিয়ে ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ পতন ঘটনাই নিজা চৰকাৰ গঠনৰ এক কৌশল ৰচনা কৰিছিল।

কিন্তু বাজেট অধিৱেশনত দলীয় হুইপ জাৰি কৰি কংগ্ৰেছে খেলিলে আন এখন খেল। বিজেপিয়ে কল্পনাও নকৰা এই খেল খেলিয়েই হিমাচলত কংগ্ৰেছ চৰকাৰ ৰক্ষা কৰিলে ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেয়ে।

বাজেট অধিৱেশনৰ মাজতে অধ্যক্ষৰ কক্ষলৈ গৈ প্ৰতিবাদ কৰাৰ বাবেই বিজেপিৰ ১৫ জনকৈ বিধায়কক বহিষ্কাৰ কৰিলে অধ্যক্ষই। এই সুযোগতে কংগ্ৰেছে পাছ কৰি নিয়ে বাজেট অধিৱেশনৰ অৰ্থ বিল।

সমান্তৰালকৈ কংগ্ৰেছে ইয়াৰ বাবে জাৰি কৰে দলীয় হুইপ। ৰাজ্যসভাত ক্ৰছ ভোটিং কৰাৰ দৰেই অৰ্থ বিলৰ বাবে জাৰি কৰা দলীয় হুইপো অমান্য কৰে কংগ্ৰেছৰ এই ৬ বিদ্ৰোহী বিধায়কে। ফলত তেওঁলোকৰ এই কাৰ্য দলত্যাগ আইনৰ আওঁতালৈ আহে।

এই সুযোগৰে সন্ধানত আছিল কংগ্ৰেছ নেতৃত্ব। দলত্যাগ আইনৰ আধাৰতে খাৰিজ কৰিলে ৬ গৰাকী বিধায়কৰ পদ। এই বিধায়ক কেইজন ক্ৰমে ৰবি ঠাকুৰ, ৰাজেন্দ্ৰ ৰাণা, সুধীৰ শৰ্মা, ইন্দ্ৰদত্ত লক্ষণপাল, চৈতন্য শৰ্মা আৰু দেবেন্দ্ৰ ভুট্টো।

ফলত হিমাচল প্ৰদেশ বিধানসভাৰ বিধায়কৰ সংখ্যা এতিয়া হ'লগৈ ৬২ গৰাকী। ৰাজ্যখনত এই মুহূৰ্তত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন ৩২ গৰাকী বিধায়কৰ। ৬ গৰাকী বিধায়কৰ বিধায়ক পদ খাৰিজ কৰাত কংগ্ৰেছৰ শক্তি ৩৪ গৰাকীলৈ হ্ৰাস পালে যদিও দলটো বিপদমুক্ত হৈছে।

কিয়নো এই মুুহূৰ্তত বিজেপিয়ে কংগ্ৰেছ চৰকাৰক ক্ষতি কৰিব পৰাকৈ তেওঁলোকৰ সংখ্যাৰ অভাৱ। দলটোৰ নিজা ২৫ জন বিধায়ক আৰু ৩ নিৰ্দলীয় বিধায়কৰ সৈতে শক্তি ২৮ জনহে। কংগ্ৰেছৰ এই ৰণকৌশলে ৰাজ্যখনত পতন ঘটিবলৈ ওলোৱা চৰকাৰখনক ৰক্ষা কৰিলে। অৱশ্যে এতিয়া বিজেপিয়ে পুনৰ কি অংক কৰে বা কংগ্ৰেছে ৩৪ গৰাকী বিধায়কক কিদৰে একত্ৰিত কৰি ৰাখে সেয়া হ'ব লক্ষ্যণীয়।

নিজা বিধায়কৰ পদ খাৰিজ কৰি চৰকাৰ ৰক্ষা কৰিলে কংগ্ৰেছে...
অসমত অভিলেখ! বিজেপি চৰকাৰৰ দিনত বন্ধ হৈছে সৰ্বাধিক শিক্ষানুষ্ঠানঃ আপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in