অসমত অভিলেখ! বিজেপি চৰকাৰৰ দিনত বন্ধ হৈছে সৰ্বাধিক শিক্ষানুষ্ঠানঃ আপ

অসমত অভিলেখ!  বিজেপি চৰকাৰৰ দিনত বন্ধ হৈছে সৰ্বাধিক শিক্ষানুষ্ঠানঃ আপ

ডিজিটেল ডেস্ক: দেশ এখনৰ ভবিষ্যত বুনিয়াদ নিৰ্মাণ কৰে দেশৰ শিক্ষা ব্যৱস্থাই। সু-শিক্ষাই নিৰ্মাণ কৰে দেশৰ অমূল্য মানৱ সম্পদ। কিন্তু দেশৰ ভবিষ্যত নিৰাপদ কৰা শিক্ষা ব্যৱস্থাটোকেই বিজেপি চৰকাৰে দিনে দিনে কৰি আহিছে চূড়ান্ত অৱহেলা। এখনৰ পাছত এখন চৰকাৰী বিদ্যালয় বন্ধ কৰি অহা বিজেপি চৰকাৰৰ জনবিৰোধী সিদ্ধান্তই এতিয়া চিন্তিত কৰি তুলিছে ৰাজ্যৰ শৈক্ষিক সমাজক- এই অভিযোগ আম আদমী পাৰ্টিৰ।

তথ্য অনুসৰি যোৱা ২০১৬ চনৰ পৰা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহলৈ অৰ্থাৎ অসমত বিজেপি চৰকাৰৰ যোৱা প্ৰায় আঠ বছৰীয়া শাসন কালত বিভিন্ন অজুহাতত অসম চৰকাৰে বন্ধ কৰিলে অসমৰ ৬ হাজাৰ ৪৯খন চৰকাৰী বিদ্যালয়। উল্লেখযোগ্য যে, অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ প্ৰতি মুঠেও গুৰুত্ব নথকা চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ অভাৱত বিদ্যালয়সমূহ বন্ধ বা একত্ৰিকৰণ কৰাৰ পৰিবৰ্তে কেনেকৈ এই বিদ্যালয়সমূহ পুনৰ উৎজীৱিত কৰি প্রতিখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক উন্নত গুণগত শিক্ষা প্ৰদানতহে অধিক গুৰুত্ব দিব লাগিছিল বুলি চৰকাৰক অতি কঠোৰ ভাষাৰে সমালোচনা কৰে আপে।

বৃহস্পতিবাৰে আপ, অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে আপৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথে। আজিৰ এই সংবাদ মেলত আপৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, চৰকাৰে অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি শিক্ষা ব্যৱস্থাটোক অসম চৰকাৰে লাহে লাহে ব্যক্তিগত খণ্ডৰ হাতত গতাই দি চৰকাৰী শিক্ষানুষ্ঠানৰ দায়-দায়িত্ব পৰা মুক্ত হ’ব বিচাৰিছে।

অতি দূৰ্ভাগ্যজনক যে, অসমৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰিবলৈ অসমৰ জনতাই আগভাগ লৈ, মাটি-বাৰী দান দি, ধন-বিত যোগাই স্থাপন কৰা বহুতো অসমীয়া ভাষাৰ অতি পুৰণি বিদ্যালয়ো বন্ধ হৈছে জাতি-মাটি, আৰু ভাষা-সংস্কৃতিৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত। অসমৰ উচ্চ শিক্ষাৰ সমাজখনৰ ভবিষ্যত উন্নতিৰ বাবে অসমৰ জনতাই স্থাপন কৰা প্ৰায় ৭০খনৰো অধিক মহাবিদ্যালয়ত শিক্ষাৰ্থী নথকাৰ অজুহাতত কলেজসমূহ বন্ধ কৰাৰ হুংকাৰ দিছিল শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। পৰৱৰ্তী সময়ত তেওঁৰ মত সলনি কৰিছে যদিও ই চৰকাৰৰ চতুৰালিৰ বাদে আন একো নহয়।

শিক্ষাৰ্থীৰ সংখ্যা বঢ়োৱাৰ দায়িত্ব কেৱল অধ্যক্ষসকলক দি চৰকাৰে এতিয়া মূৰপোলোকা মৰি পৰৱৰ্তী সময়ত নিজৰ অভীষ্ট সিদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। এনে চতুৰালি আম আদমি পাৰ্টীৰ দৃষ্টিত ধৰা পৰিছে আৰু ইয়াক বন্ধ কৰিবলৈ দলটোৱে সকীয়াই দিয়ে। অসমৰ বিভিন্ন ঠাইত থকা উচ্চ শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ বিবেচিত মহাবিদ্যালয়। ফলত মহাবিদ্যালয়সমূহৰ ওপৰত এইবাৰ চৰকাৰৰ শেনচকু পৰাত চিন্তিত কৰিছে অসমৰ শৈক্ষিক তথা বৌদ্ধিক সমাজক। ফলত, প্ৰকৃতাৰ্থত অসমৰ বাবে বিজেপি চৰকাৰ মুঠেই যে কল্যাণকামী নহয় সেই কথাও স্পষ্ট হৈ পৰিছে।

কোৱা বাহুল্য যে, প্ৰায় ছয় হাজাৰৰো অধিক প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ পাছত এইবাৰ ৰাজ্যৰ প্ৰায় ৭০খনৰো অধিক মহাবিদ্যালয় বন্ধ কৰিব বুলি ওলোৱা খবৰ পাছত এতিয়া উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠানসমূহৰ ভবিষ্যত ওলমি ৰৈছে এক গভীৰ অনিশ্চয়তাত। অতি পৰিতাপৰ বিষয় এই যে, বন্ধ হ’ব বুলি সংবাদ মাধ্যমত নাম প্ৰকাশ হোৱা অধিকাংশ মহাবিদ্যালয়ে মাত্ৰ কেইটামান বছৰৰ আগতে লাভ কৰিছিল প্ৰাদেশিকীকৰণৰ স্বীকৃতি।

আজিৰ এই সংবাদমেলত চৰকাৰ আৰু চৰকাৰৰ শিক্ষা বিভাগক প্ৰশ্ন কৰি আপৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে কয় যে, যদি নাম প্ৰকাশ কৰা এই মহাবিদ্যালয়সমূহ ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ কৰিব লগা এটা পৰিৱেশৰ মাজতেই আছে, তেন্তে এইসমূহ মহাবিদ্যালয়ক পৰিকল্পনাবিহীনভাৱে চৰকাৰীকৰণ কৰিছিল কিয়? আৰু যদি এই সমূহ মহাবিদ্যালয় বন্ধ কৰিব লগা এটা পৰিৱেশৰ মাজতেই আছিল, তেন্তে মাত্ৰ কিছু বছৰ পূৰ্বে এই মহাবিদ্যালয় সমূহৰ নামত ৰাজ ভঁৰালৰ কোটি কোটি টকা খৰচ কৰা হৈছিল কিয়?

এইয়া চৰকাৰৰ পৰিকল্পনাবিহীন আৰু অদূৰদৰ্শী সিদ্ধান্ত নহয় নে? উল্লেখযোগ্য যে, বিগত সময়ত আত্মপক্ষ সমৰ্থন কৰি চৰকাৰে বিদ্যালয়সমূহ শিক্ষাৰ্থী অভাৱত বন্ধ কৰা হৈছে বুলি কৰা চৰকাৰৰ দায়সৰা মন্তব্যক বিৰোধিতা কৰি আপ, অসমে কয় যে, গঠনমূলক পৰিকল্পনা আৰু উন্নত গুণগত শিক্ষাৰ অভাৱত বাবেই চৰকাৰী বিদ্যালয়সমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকল ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থাৰ ওচৰলৈ বাধ্য হৈ ঢাপলি মেলিছে। ফলত চৰকাৰী বিদ্যালয়ত কমি আহিছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা।

গতিকে চৰকাৰে মূল সমস্যা সমাধানৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় বন্ধ কৰিবলৈ লোৱা কঠোৰ সিদ্ধান্ত সলনি কৰি শিক্ষানুষ্ঠান সমূহত শিক্ষাৰ মান বৃদ্ধি কৰাৰ নীতি যুগুতোৱাটোহে চৰকাৰৰ প্ৰধান কাম বুলি কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে আপ, অসমৰ মুখপাত্ৰ গৰাকীয়ে। তদুপৰি আপ, অসমৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে, কলেজত শিক্ষাৰ্থীৰ সংখ্যা বঢ়োৱাৰ দায়িত্ব অধ্যক্ষসকলক দি চৰকাৰে মূৰপোলোকা মাৰিলে নহ'ব।

গতিকে চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰাৰ মানসিকতাৰ পৰিৱৰ্তে কেনেকৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গৰিমা বৃদ্ধি কৰি চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মনঃপুত উন্নত গুণগত শিক্ষা প্ৰদান কৰিব পৰাকৈ এটা শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটোহে চৰকাৰৰ বাবে কৰ্তৃত্ব আৰু দূৰদৰ্শী সিদ্ধান্ত হ’ব বুলি মন্তব্য কৰে আপ, অসমে।

চৰকাৰে চৰকাৰী শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ সংখ্যা কমি অহাৰ দিশটো বিশ্লেষণ নকৰিলে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ সংকট যে আৰু বাঢ়ি আহিব, আৰু অনাগত সময়ত অন্যান্য চৰকাৰী শিক্ষানুষ্ঠানসমূহৰো যে একেই দশা নহ’ব ইয়াৰো কোনো নিশ্চয়তা নাই বুলি অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে আপৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথে। উল্লেখযোগ্য যে আজিৰ এই সংবাদমেলত আপৰ মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়াও উপস্থিত থাকে।

অসমত অভিলেখ!  বিজেপি চৰকাৰৰ দিনত বন্ধ হৈছে সৰ্বাধিক শিক্ষানুষ্ঠানঃ আপ
শীঘ্ৰেই কা বলবৎ হোৱাৰ সম্ভাৱণা! ছুটী নাপাব অসম আৰক্ষীৰ বিষয়াই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in