দিল্লী এৰি জয়পুৰলৈ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী...

ভয়ংকৰ ৰূপ লৈছে দিল্লীৰ বায়ু প্ৰদূষণে। ইয়ে সাধাৰণ লোকৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।

author-image
Asomiya Pratidin
New Update
দিল্লী এৰি জয়পুৰলৈ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী...

ডিজিটেল ডেস্কঃ ভয়ংকৰ ৰূপ লৈছে দিল্লীৰ বায়ু প্ৰদূষণে। ইয়ে সাধাৰণ লোকৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজনলৈ সকলোয়ে এতিয়া বায়ু প্ৰদূষণৰ বাবে প্ৰভাৱিত হৈছে। এই বায়ু প্ৰদূষণৰ ফলত হাওফাওৰ বেমাৰকে ধৰি বিভিন্ন বেমাৰ বৃদ্ধি হোৱাৰ আশংকা আছে।

Advertisment

ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে লৈছে এক সিদ্ধান্ত। চিকিৎসকৰ পৰামৰ্শ অনুসৰি দিল্লীৰ বায়ুৰ অৱস্থা ভাল নোহোৱা পৰ্যন্ত জয়পুৰত থাকিব ছোনিয়া গান্ধী। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকাৰ বাবে চিকিৎসকে তেওঁক এনে এখন ঠাইলৈ যাবলৈ পৰামৰ্শ দিছে য'ত বায়ুৰ মানদণ্ড উন্নত।

মঙলবাৰে দিল্লীৰ একিউআই আছিল ৩৭৫ । আনহাতে জয়পুৰৰ একিউআই আছিল ৭২। যাৰ বাবে কিছুদিনৰ বাবে দিল্লী এৰিব গান্ধীয়ে।

ছোনিয়া গান্ধীক যোৱা ছেপ্টেম্বৰ মাহত দিল্লী গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু এদিন পিছত তেওঁক অব্যাহতি দিয়া হৈছিল। মাজে মাজে প্ৰায়ে অসুস্থ হৈ থাকে ছোনিয়া গান্ধী। তাৰমাজতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি জয়পুৰলৈ যাব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

Also Read: সাৱধান! মহানগৰীত পকেট মাৰৰ ৰূপত শিশুৰ গেং,এজনৰ পৰা উদ্ধাৰ ৩৮,০০০টকা

delhi sonia gandhi air pollution