সাৱধান! মহানগৰীত পকেট মাৰৰ ৰূপত শিশুৰ গেং,এজনৰ পৰা উদ্ধাৰ ৩৮,০০০টকা

সাৱধান! মহানগৰীত পকেট মাৰৰ ৰূপত শিশুৰ গেং,এজনৰ পৰা উদ্ধাৰ ৩৮,০০০টকা

ডিজিটেল ডেস্কঃ আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে শিশু দিৱসসৰ্বপল্লী ৰাধাকৃষ্ণণক সুঁৱৰি পালন কৰিছে এই শিশু দিৱস। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক বিক্ষিপ্ত ঘটনা।

এইবাৰ মহানগৰীত পকেট মাৰৰ ৰূপত ঘূৰি ফুৰিছে শিশুৰ গেং। এই গেঙটোৰ টাৰ্গেট পথচাৰী। মঙলবাৰে ভঙাগড়ত সংঘটিত হৈছে শিশু পকেটমাৰ গেংৰ লুট-পাত।

ইতিমধ্যে স্থানীয় ৰাইজে আটক কৰে ৯ বছৰীয়া এগৰাকীৰ কিশোৰীক। কিন্তু গেংটোৰ বাকী সদস্য পলাই যাবলৈ সক্ষম হয়। আটক কৰা কিশোৰী গৰাকীৰ পেন্টৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩৬ হাজাৰ ৫০ টকা।

বৰ্তমান ভঙাগড় আৰক্ষী থানাত আছে আটক কৰা কিশোৰী গৰাকী। কিছু সময়ৰ পাছতেই Child Welfare Center লৈ প্ৰেৰণ কৰা হ'ব আটক কৰা কিশোৰী গৰাকীক।

উল্লেখ্য যে, একাংশ শিশুই মহানগৰীত সংঘটিত কৰি গৈছে পকেটমাৰৰ ঘটনা। এই শিশুসকলৰ আঁৰত তৃতীয় ব্যক্তি জড়িত থকাৰ সন্দেহ। সম্ভৱত এই তৃতীয় লোকৰ কথা মতেই এই শিশুসকলে মহানগৰীত চুৰি কাৰ্য চলায়।

সাৱধান! মহানগৰীত পকেট মাৰৰ ৰূপত শিশুৰ গেং,এজনৰ পৰা উদ্ধাৰ ৩৮,০০০টকা
কংগ্ৰেছৰ দিনত দৈনিক দুই তিনিটাকৈ গড় মৰিছিল : বিধায়ক ৰূপক শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in