অশান্ত মণিপুৰলৈ ছোনিয়া গান্ধীৰ বিশেষ বাৰ্তা: ক'লে, এই কঠিন সময় আমি পাৰ কৰিম...

মণিপুৰৰ হিংসা এতিয়ালৈকে স্তব্ধ হোৱাৰ নাম লোৱা নাই। এতিয়াও ৰাজ্যখনত অশান্ত পৰিৱেশে বিৰাজ কৰি আছে।

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰলৈ ছোনিয়া গান্ধীৰ বিশেষ বাৰ্তা: ক'লে, এই কঠিন সময় আমি পাৰ কৰিম...

ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসা এতিয়ালৈকে স্তব্ধ হোৱাৰ নাম লোৱা নাই। এতিয়াও ৰাজ্যখনত অশান্ত পৰিৱেশে বিৰাজ কৰি আছে। বন্ধ আছে ৰাজ্যখনৰ ইন্টাৰনেট সেৱা। মৃত্যুৰ মুখত পৰিছে শ শ মানুহ, আহত হৈছে বহুতো, ঘৰ বাৰী হেৰাইছে হাজাৰ হাজাৰ জনতাই।

Advertisment

ইয়াৰ মাজতে মণিপুৰৰ হিংসাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। তেওঁ কয় যে মণিপুৰৰ হিংসা ৰাষ্ট্ৰৰ ওপৰত আঘাত। ৰাজ্যখনৰ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতিৰ বাবে আহ্বান জনাই আৰু আশা কৰে যে এই বেয়া সময় অতি শীঘ্ৰেই সমাপ্ত হ'ব।

এক ভিডিঅট বাৰ্তাযোগে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয় যে, "মণিপুৰৰ মৰমৰ ভাই-ভনীসকল। যোৱা প্ৰায় ৫০ দিন ধৰি মণিপুৰে অতি দুৰ্ভাগ্যজনক ঘটনাৰ সাক্ষী হৈ ৰৈছে। এই হিংসাই হাজাৰ হাজাৰ লোকৰ জীৱন ধ্বংস কৰি পেলালে। ইয়ে ৰাষ্ট্ৰৰ আত্মাত আঘাত হানিছে।

''যি সকললোকে এই হিংসাৰ সময়ত আত্মীয়ক হেৰুৱাইছে সেই সকলক সমবেদনা জ্ঞাপন কৰে ছোনিয়া গান্ধীয়ে।তেওঁ কয় যে, যেতিয়া মই দেখিছো আপোনালোক বহুতে নিজৰ ঘৰ এৰি যাব লগা হৈছে, কষ্ট পাইছো। শান্তিপূৰ্ণ ভাৱে বাস কৰি অহা মৰমৰ ভাই-ভনী সকল আজি পৰস্পৰ বিৰোধী হৈ পৰিছে''।

''আজি আমি এক কঠিন সন্ধিক্ষণত থিয় দিছো। যি পথ আমি অনুসৰণ কৰো, ভৱিষ্যতে আমাৰ সন্তান ইয়াৰ উত্তৰাধিকাৰী হ'ব। মই মণিপুৰৰ জনসাধাৰণক, বিশেষকৈ মোৰ সাহসী ভগ্নীসকলক এই সুন্দৰ ভূমিত শান্তি আৰু সম্প্ৰীতিৰ পথ তৈয়াৰ কৰিবলৈ অনুৰোধ জনাইছো''।

''এগৰাকী মাতৃ হিচাপে মই আপোনাৰ দুখ বুজি পাওঁ। মণিপুৰৰ লোক সকলৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে। মই জানো এই কঠিন পৰীক্ষাৰ সময় আমি পাৰ কৰিম''।

উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি মণিপুৰত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে। এতিয়ালৈকে শাম কটা নাই পৰিস্থিতিৰ। ইয়াৰ মাজতে ২১ জুনত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মণিপুৰ সন্দৰ্ভত এই বৈঠক হোৱাৰ পাছতেই ২৪ জুনক সৰ্বদলীয় বৈঠক ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

Also Read: নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাঃ কাইলৈৰ পৰা বন্ধ হ'ব ৫০০ খন সুৰাৰ দোকান...

manipur sonia gandhi