নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাঃ কাইলৈৰ পৰা বন্ধ হ'ব ৫০০ খন সুৰাৰ দোকান...

কাইলৈ অৰ্থাৎ ২২ জুনৰ পৰা বন্ধ হ'ব ৫০০ খন সুৰাৰ দোকান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই এই সুৰাৰ দোকানসমূহ কৰাৰ সিদ্ধান্ত লোৱা হৈছে

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাঃ কাইলৈৰ পৰা বন্ধ হ'ব ৫০০ খন সুৰাৰ দোকান...

ডিজিটেল ডেস্কঃ কাইলৈ অৰ্থাৎ ২২ জুনৰ পৰা বন্ধ হ'ব ৫০০ খন সুৰাৰ দোকান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই এই সুৰাৰ দোকানসমূহ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান ৰাজ্যখনত আছে ৫,৩২৯ খন সুৰাৰ দোকান আছে। তামিলনাডু চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনত বন্ধ কৰিব সকলো ধৰণৰ সুৰাৰ দোকান। এই প্ৰতিশ্ৰুতিৰ পৰ্যায় ক্ৰমে কাইলৈৰ পৰা ৰাজ্যখনত ৫০০ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনে।

Advertisment

উল্লেখ্য যে, তামিলনাডু চৰকাৰে সুৰাৰ পৰা প্ৰায় ৪০,০০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে। ৰাজ্যখনৰ সামগ্ৰী বা বিভিন্ন কৰ লেভী টেক্সৰ অন্তৰ্গত হোৱাৰ বাবে সুৰাৰ ৰাজহৰ ওপৰতে নিৰ্ভৰশীল ৰাজ্যখন।

মুখ্যমন্ত্ৰী গৰাকীৰ এই সিদ্ধান্তক জনতাৰ লগতে একাংশ বিৰোধীয়েও আদৰণি জনাইছে। লগতে ৰাজ্যখনত সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰাৰ আহ্বান জনাইছে। চৰকাৰে কম বিক্ৰী,ধৰ্মীয় স্থান আৰু শিক্ষানুষ্ঠানৰ ওচৰৰ আদিৰ সুৰাৰ দোকান সমূহ চিনাক্ত কৰিছে। কেৱল চেন্নাইতে ৬১ খন সুৰাৰ দোকান বন্ধ হ'ব।

Also Read: কিশোৰীক অপহৰণ কৰি ধৰ্ষণ! গ্ৰেপ্তাৰ জ্য়েষ্ঠ অধিবক্তা

tamilnadu