কেনে আছে কাজিৰঙাৰ মাতৃহাৰা কৃষ্ণ...

কেনে আছে কাজিৰঙাৰ মাতৃহাৰা কৃষ্ণ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ দুবছৰীয়া হ’ল কাজিৰঙাৰ "কৃষ্ণ"ৰ ৷ ২০২১ বৰ্ষৰ জন্মাষ্টমীৰ দিনটোতে বানত উদ্ধাৰ হোৱা মাতৃহাৰা গঁড় পোৱালিটোৱে অতিক্ৰম কৰিলে দুটা বছৰ ৷ কাজিৰঙাৰ ২০২১ বৰ্ষৰ প্ৰলয়ংকাৰী বানত কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা চি ডব্লুউ আৰ চি কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল এটা গঁড়ৰ পোৱালি ৷

উদ্ধাৰ কৰা গঁড় পোৱালিটোৰ তেতিয়া বয়স আছিল মাত্ৰ ৫ৰ পৰা ১০দিন ৷ মাতৃহাৰা হোৱা কণমানিটোক উদ্ধাৰ কৰি মাতৃস্নেহেৰে ডাঙৰ দীঘল কৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ ও পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে ৷ "কৃষ্ণ" নামৰ কণমানি গঁড়পোৱালিটোৱে ২ বছৰ সম্পূৰ্ণ কৰাত আনন্দিত চি ডব্লুউ আৰ চি কৰ্তৃপক্ষ ৷

কৃষ্ণই এতিয়া গাখীৰ এৰি ঘাহঁ খাবলৈ ধৰিছে বুলি মত প্ৰকাশ চিকিৎসক চামচুল আলীৰ ৷ লগতে তেওঁ কয় যে- শীতকালত এজন কৰ্মচাৰীক নিশাও গঁড়পোৱালিৰ লগত থাকিবলৈ দিয়া হয়, যাতে মাকক হেৰুওৱা বেদনা পোৱালিটোৱে উপলব্ধি কৰিব নোৱাৰে ৷

সমান্তৰালকৈ ২০২০ বৰ্ষত উদ্ধাৰ হোৱা "চন্দ্ৰ" নামৰ আন এটা গঁড় পোৱালীয়েও অতিক্ৰম কৰিলে ৩টা বছৰ ৷ "চন্দ্ৰ" নামৰ সেই তিনিবছৰীয়া পোৱালিটোৰ লগত এতিয়া একেলগে উমলিছে কৃষ্ণই ৷ কিছুদিনৰ পাছত দুয়োটা গঁড় পোৱালিক পুনৰ উদ্যানত মুকলি কৰি দিব চি ডব্লুউ আৰ চি কৰ্তৃপক্ষই ৷

কেনে আছে কাজিৰঙাৰ মাতৃহাৰা কৃষ্ণ...
মথুৰাপুৰত নামঘৰে-নামঘৰে শ্ৰীকৃষ্ণ বন্দনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in