অসুস্থ বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীঃ হাস্পতাল কৰ্তৃপক্ষই স্বাস্থ্যৰ সন্দৰ্ভত ক'লে এইদৰে...

অসুস্থ বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীঃ হাস্পতাল কৰ্তৃপক্ষই স্বাস্থ্যৰ সন্দৰ্ভত ক'লে এইদৰে...

author-image
Asomiya Pratidin
New Update
অসুস্থ বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীঃ হাস্পতাল কৰ্তৃপক্ষই স্বাস্থ্যৰ সন্দৰ্ভত ক'লে এইদৰে...

অসুস্থ বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীঃ হাস্পতাল কৰ্তৃপক্ষই স্বাস্থ্যৰ সন্দৰ্ভত ক'লে এইদৰে...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ। বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰীগৰাকীক গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জ্বৰত আক্ৰান্ত প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীক বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

Advertisment

বৰ্তমান চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসক অৰূপ বসু আৰু তেওঁ দলটোৰ নিৰীক্ষণত আছে যদিও তেওঁৰ স্বাস্থ্যৰ এতিয়া সুস্থিৰ। চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি জ্বৰত আক্ৰান্ত কংগ্ৰেছ নেত্ৰীগৰাকীক বৃহস্পতিবাৰে ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ অৱস্থা সুস্থিৰ হৈ আছে।

উল্লেখ্য যে, এই বছৰৰ জানুৱাৰীৰ আৰম্ভণিতে, ভাইৰেল সংক্ৰমণৰ বাবে ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ভাৰত জোড়ো যাত্ৰা চলি থকাৰ মাজতে ভাইৰেল সংক্ৰমণৰ সন্মুখীন হোৱা ছোনিয়া গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে ভাৰত জোড়ো যাত্ৰা এৰি চিকিৎসালয়ত উপস্থিত হৈছিলহি সাংসদ পুত্ৰ ৰাহুল গান্ধী।

প্ৰায় এটা সপ্তাহ চিকিৎসালয়ত পাৰ কৰি তেওঁ সুস্থ হৈ ঘৰলৈ ঘূৰি আহিছিল।

Also Read: মোডীক ভাবুকি দি গ্ৰেপ্তাৰ আপৰ ৬ সদস্য

ছোনিয়া গান্ধী