/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2f998187-3481-46d3-9064-28f8d218deea/AP_FOR_WEB_sonia.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধী ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। ৰায়বৰেলী পৰা লোকসভাত ৬ টা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত সংসদৰ উচ্চ সদনত ছোনিয়া গান্ধীৰ এয়া প্ৰথম কাৰ্যকাল হ'ব।
১৫ ফেব্ৰুৱাৰীত ছোনিয়া গান্ধীয়ে ঘোষণা কৰিছিল যে তেওঁ এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। কিন্তু ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। তাৰপাছতেই ছোনিয়া গান্ধী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ইয়াৰ লগতে বিজেপিৰ চুন্নীলাল গৰাছিয়া আৰু মদন ৰাছোৰ ৰাজস্থানৰ পৰা উচ্চ সদনলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।
এই ৩ খন আসনৰ দুখনত বিজেপি আৰু এখনত কংগ্ৰেছৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ইয়াৰ পাছতে ৰাজস্থানৰ পৰা ৰাজ্যসভাত কংগ্ৰেছৰ ৬ জন আৰু বিজেপিৰ ৪ জন সাংসদ হ'ল।
উল্লেখ্য যে, ৰাজস্থানৰ মুঠ ১০ খন আসনৰ ৩ খনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। এই ৩ খন আসনৰ বাবে কেৱল মাত্ৰ ৩ জনে মনোনয়ন পত্ৰ দাখিল কৰিছিল। নাম উঠাই লোৱাৰ অন্তিম তাৰিখ আছিল ২০ ফেব্ৰুৱাৰী। কিন্তু কোনো প্ৰাৰ্থীয়ে নাম উঠাই নল'লে বাবে তেওঁলোকক নিৰ্বাচিত ঘোষণা কৰা হয়। প্ৰয়োজন সাপেক্ষে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন আছিল ২৭ ফেব্ৰুৱাৰী।
Also Read: ৰাজ্যৰ আৰক্ষী প্রশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল