দিল্লী আৰক্ষীয়ে আটক কৰিলে ছোনম ৱাংছুকসহ ১৫০ জনক...

লেহৰ পৰা দিল্লীলৈ কৰিছিল পদযাত্ৰা
দিল্লী আৰক্ষীয়ে আটক কৰিলে ছোনম ৱাংছুকসহ ১৫০ জনক...
দিল্লী আৰক্ষীয়ে আটক কৰিলে ছোনম ৱাংছুকসহ ১৫০ জনক...
Published on
Updated on

ডিজিটেল ডেস্কঃ পৰিবেশ সুৰক্ষা আৰু প্ৰকৃতিৰ ৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখা ৰিয়েল লাইফৰ 'ৰেঞ্চো'ক মধ্যৰাতি দিল্লী আৰক্ষীয়ে আটক কৰিলে। কিছুদিন পূৰ্বে লাডাখৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে একেৰাহে দিনে, ৰাতিয়ে মুকলি আকাশৰ তলত ২১ দিনীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল ছোনম ৱাংছুকে।

এই অনশন কাৰ্যসূচীৰ অন্ত পৰাৰ পাছত তেওঁ পুনৰ পৰিবেশ সুৰক্ষা আৰু প্ৰকৃতি ৰক্ষাৰ বাবে ৰাজপথৰ আন্দোলন আৰম্ভ কৰিছে। এই আন্দোলনৰ মাজতে মধ্যৰাতি তেওঁক দিল্লী আৰক্ষীয়ে আটক কৰে।

ইয়াৰ পিছতে ক্ষুন্ন হৈ পৰিছে ৱাংছুকৰ সমৰ্থক তথা অনুৰাগীসকসল। তেওঁক আটক কৰাৰ বিৰুদ্ধে মুখ খুলিছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। গান্ধীয়ে ৱাংছুক আটক কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে জগৰীয়া কৰিছে। গান্ধীৰ দাবী, পৰিবেশ ৰক্ষাৰ দাবীত আন্দোলনকাৰীক গ্ৰেপ্তাৰ কোনো কাৰণতে মানি ল'ব নোৱাৰি।  

দীঘলীয়া সময় ধৰি পৰিবেশ সুৰক্ষা আৰু প্ৰকৃতি ৰক্ষাৰে দাবীৰে আন্দোলন কৰি অহা ৰিয়েল লাইফৰ ৰেঞ্চুৱে তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ কেতবোৰ নতুন কাৰ্যসূচী গ্ৰহণ কৰিছিল। তেওঁলোকৰ দাবী আছিল লাডাখৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰত শাসনাধিস্ত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ তেওঁলোকৰ সৈতে আলোচনাত বহক।

এই দাবী পূৰণ কৰিবলৈকো লেহৰ পৰা দিল্লীলৈ পদযাত্ৰা আৰম্ভ কৰিছিল। এই পদযাত্ৰাত সোনম ৱাংছুকৰ সৈতে আছিল বয়স্ক সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি প্ৰাক্তন সেনাও।

যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই পদযাত্ৰা। সোমবাৰে দিল্লী সীমান্তত আহি উপস্থিত হৈছিল সোনম ৱাংছুক আৰু তেওঁৰ দল। তাতেই গভীৰ নিশা তেওঁক আটক কৰে দিল্লী আৰক্ষীয়ে।

নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে এই বাৰ্তা দিয়ে তেওঁ। তেওঁ উল্লেখ কৰা মতে ১৫০ জন পদযাত্ৰীক আটক কৰিছে দিল্লী আৰক্ষীয়ে। তেওঁ কয়, ''বাপুৰ সমাধি পৰ্যন্ত শান্তিপূৰ্ণ পদযাত্ৰা কৰাৰ সময়ত আমাক আটক কৰা হৈছে। বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ এয়া কি দশা, হায় ৰাম। নাজানো আমাৰ কপালত কি আছে।''

জানিব পৰা মতে এইসকল পদযাত্ৰীয়ে নিশা একো খাবলৈয়ো নাপালে। তেনেকৈয়ে তেওঁলোকে এতিয়া আকৌ অনশনৰ কথা ঘোষণা কৰিছে। সোণম ৱাংছুক আৰু তেওঁৰ সতীৰ্থক এইদৰে আটক কৰাৰ পাছতে এতিয়া দেশৰ ৰাজনীতি গৰম হৈ পৰিছে।

ৰাহুল গান্ধীয়ে এক্স হেণ্ডেলত লিখিছে, সোনম ৱাংছুক আৰু শতাধিক লাডাখীলোকক শান্তিপূৰ্ণ সমদলৰ মাজতেই আটক কৰা কাৰ্যক কোনো কাৰণতে মানি ল’ব নোৱাৰি। লাডাখৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যিয়ে আন্দোলনত নামিছে সেই জ্যেষ্ঠ লোকসকলক কিয় এইদৰ আটক কৰা হ’ব? ৰাহুলে পুনৰ কয়, কৃষক আন্দোলনৰ দৰেই এইবাৰু পুনৰ মোডীজীৰ অহংকাৰৰ পতন হ’ব।

দিল্লী আৰক্ষীয়ে আটক কৰিলে ছোনম ৱাংছুকসহ ১৫০ জনক...
প্ৰৱল- ধুমুহা বৰষুণৰ ফলত কাছাৰ জিলাত ব্যাপক ক্ষতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in