ডিজিটেল সংবাদ, শিলচৰঃ যোৱা নিশা হোৱা প্ৰৱল ধূমুহা বৰষুণৰ ফলত কাছাৰ জিলাত ব্যাপক ক্ষতিগ্ৰস্ত হৈছে । ঠায়ে ঠায়ে ভূমিস্খলন,কৃত্ৰিম বান, বিদ্যুতৰ খুটি আৰু পথৰ ওপৰত গছ গছনি উঘালি পৰাত হাহাকাৰৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। বিশেষকৈ বৰখলা সমষ্টিৰ জাৰাইলতোলাৰ ভিতৰ গংগাপুৰ এলেকাত বৰষুণৰ পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰাত হাহাকাৰ লাগিছে গাওবাসীৰ মাজত। বৰষুণৰ ফলত হোৱা পানী
পাহাৰৰ পৰা নামি আহি কেবাটাও ঘৰ বাৰী ক্ষতিগ্ৰস্ত কৰিছে। নিশা ঘৰৰ ভিতৰত পানী সোমাই ঘৰৰ সা সম্পতি উটুৱাই লৈ যোৱাত দিশহাৰা হৈ পৰিছে ক্ষতিগ্ৰস্ত লোক সকল। জীৱন ৰক্ষাৰ বাবে নিৰাপদ স্হানলৈ যাত্ৰা কৰিছে ক্ষতিগ্ৰগ্ৰস্ত লোক সকল । এক প্ৰকাৰ আলৈ আঠানি নোহোৱা হৈছে এই সকল লোকৰ। এই কৃত্ৰিম বানৰ ফলত পথতে আবদ্ধ হব লগা হৈছে স্কুললৈ অহা শিক্ষক সকলো।
পাহাৰৰ পৰা নামি অহা পানী তললৈ যাবলৈ স্হাপন কৰা নলাৰ ওপৰত একাংশ লোকে ঘৰ নিৰ্মাণ কৰাৰ ফলতে এইদৰে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি অভিযোগ ভুক্তভোগি লোক সকলৰ।
ইফালে, জাৰাইলতোলা - চন্দ্ৰনাথপুৰ সংযোগি পথত ভূমিস্খলন হোৱাৰ ফলত পথটোত কেবাডাল গছ গছনি বাগৰি পৰিছে। ফলত পথটোৰে যাতায়ত সম্পুৰ্ণ বন্ধ হৈ পৰিছে। শিলচৰ সহ বৰাকৰ অন্য ঠাইৰ সৈতে সম্পুৰ্ণ যাতায়ত বিচ্ছিন্ন হৈছে বৰখলা সমষ্টিৰ হাজাৰ হাজাৰ লোক। গছ আৰু বিদ্যুতৰ খুটি বাগৰি পৰাৰ ফলত নিশাৰ পৰা বিদ্যুত পৰিসেৱাও বন্ধ হৈছে অঞ্চলটোত।