দুই সন্তানৰ পিতৃ মুছলমান যুৱকে পলুৱাই আনিলে ১৬ বছৰীয়া কিশোৰীক...

মুছলমান সম্প্ৰদায়ৰ বিবাহিত যুৱকে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাগুৰী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া এগৰাকী হিন্দু কিশোৰীক পলুৱাই লৈ ঘৰত আবদ্ধ কৰি ৰাখে ।
দুই সন্তানৰ পিতৃ মুছলমান যুৱকে পলুৱাই আনিলে ১৬ বছৰীয়া কিশোৰীক...

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ বাসুগাঁৱত বৃহস্পতিবাৰে এক লাভ জেহাদৰ ঘটনা সংঘটিত হয়।মুছলমান সম্প্ৰদায়ৰ বিবাহিত যুৱকে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাগুৰী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া এগৰাকী হিন্দু কিশোৰীক পলুৱাই লৈ ঘৰত আবদ্ধ কৰি ৰাখে ।

কিন্তু বিবাহিত যুৱক জনৰ এই কাৰ্য্য সহজ ভাৱে মানি ল'ব পৰা নাছিল যুৱক জনৰ মাতৃয়ে । পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগতে মাতৃ গৰাকীয়ে তেখেতৰ পুত্ৰৰ এই কু-কাৰ্য্যৰ কথা ওচৰ চুবুৰীয়াৰ আগত ব্যক্ত কৰাত আজি ঘটনাক কেন্দ্ৰ কৰি আজি বাসুগাঁৱৰ পশ্চিম গোগলাপাৰাত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় ।

একাংশ উত্তেজিত লোকে বিবাহিত যুৱক জনক উত্তম মাধ্যম শোধায় । প্ৰাপ্ত খবৰ অনুসৰি বাসুগাঁও চহৰৰ পশ্চিম গোগলাপাৰাৰ বাসিন্দা ছাদেক আলী (২৬) নামৰ ( দুই সন্তানৰ পিতৃ) যুৱকে যোৱা মঙলবাৰে বঙাইগাঁও জিলাৰ ঘিলাগুৰী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া হিন্দু কিশোৰীক পলুৱাই নিজ বাসগৃহত ৰাখিছিল।

তাৰ মাজতে একাংশ উত্তেজিত লোকে ছাদেক আলীক লাভ জেহাদৰ অভিযোগ উত্থাপন কৰি উত্তম মাধ্যম শোধায় ।ইপিনে ছাদেক আলীৰ সৈতে কিশোৰী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু তাইক বিয়া পতাৰ কাৰণে পলুৱাই লৈ আহিছে বুলি কিশোৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সদৰি কৰে ।

বাসুগাঁও চাৰি নং ওৱাৰ্ডৰ ওৱাৰ্ড কমিচনাৰ সঞ্জয় চন্দ ঘটনাস্থলী উপস্থিত থাকি উত্তেজিত ৰাইজৰ পৰা ছাদেক আলীক ৰক্ষা কৰি আৰক্ষীৰ হাতত গতাই দিয়ে । আৰক্ষীৰ লোক উপস্থিত হৈ কিশোৰী গৰাকীৰ সৈতে ছাদেক আলীক দুয়োকে লৈ যায় ।এই সন্দৰ্ভত চাংমা উপাধিৰ কিশোৰী গৰাকীৰ পিতৃয়ে ছাদেক আলীৰ বিৰুদ্ধে বাসুগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । ঘটনাক কেন্দ্ৰ কৰি পশ্চিম গোগলাপাৰাত এক চেপা উত্তেজনা বিৰাজ কৰিছে ।

দুই সন্তানৰ পিতৃ মুছলমান যুৱকে পলুৱাই আনিলে ১৬ বছৰীয়া কিশোৰীক...
চৰ্চিত: গ্ৰেণ্ড ফাইনেল আৰু নয়নজ্যেতি-শান্তা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in