স্বামীৰ সপোনৰ যথাৰ্থতা প্ৰকাশেৰে নাৰী শক্তি বন্দন বিধেয়কক সমৰ্থন ছোনিয়া গান্ধীৰ

স্বামীৰ সপোনৰ যথাৰ্থতা প্ৰকাশেৰে নাৰী শক্তি বন্দন বিধেয়কক সমৰ্থন ছোনিয়া গান্ধীৰ

author-image
Asomiya Pratidin
New Update
স্বামীৰ সপোনৰ যথাৰ্থতা প্ৰকাশেৰে নাৰী শক্তি বন্দন বিধেয়কক সমৰ্থন ছোনিয়া গান্ধীৰ

ডিজিটেল ডেস্কঃ সদনত নাৰী শক্তি বন্দন বিধেয়কক সমৰ্থন ছোনিয়া গান্ধীৰ। লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক বিতৰ্কত ভাগ লোৱাৰ পূৰ্বে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে 'ৰাজীৱ গান্ধীৰ সপোন সঁচা হ'ব। ৰাজীৱ গান্ধীৰ সপোন আছিল মহিলা সংৰক্ষণ বিধেয়ক।' বুলি মন্তব্য কৰি বিধেয়কখনৰ সমৰ্থনেৰে মন্তব্য কৰে।

Advertisment

উল্লেখ্য যে, সদনত কংগ্ৰেছ দলৰ হৈ বিধেয়কখনক সমৰ্থন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। বুধবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ মুখ্য পৃষ্ঠপোষক আছিল তেওঁ। এই আলোচনাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মুখামুখি বৈঠক হোৱা দেখা যায়।

হিন্দীতে ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে কয় যে, "ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মই নাৰী শক্তি বন্দন অধিনিয়মৰ সমৰ্থনত থিয় দিছো।' ভাষণ প্ৰসংগত তেওঁ, ধোঁৱাময় পাকঘৰৰ পৰা পোহৰৰ ষ্টেডিয়ামলৈ ভাৰতীয় মহিলাৰ যাত্ৰা দীঘলীয়া আৰু এই যাত্ৰাই এতিয়া গন্তব্যস্থানত উপনীত হৈছে বুলি মন্তব্য কৰে। সমান্তৰালভাৱে তেওঁ স্বাধীনতাৰ যুঁজ আৰু নতুন ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাসকলে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ দিছে বুলি উল্লেখ কৰে।

বিধেয়কখন সমৰ্থন কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ আৰু বিধেয়কখন তাৎক্ষণিকভাৱে ৰূপায়ণৰ বাবে দাবী জনায়। আনহাতে বিজেপি সাংসদ নিশিকান্ত দুবেয়ে কংগ্ৰেছৰ বিৰুদ্ধে ৰাজনৈতিক আক্ৰমণৰ অভিযোগ উত্থাপন কৰি এই বিধেয়কখনৰ সন্দৰ্ভত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ বিষয়টোত শাসকীয় পক্ষ প্ৰতিশ্ৰুতিবদ্ধ নাছিল বুলি মন্তব্য কৰে।

Also Read: নাড্ডাৰ তলবত দিল্লীলৈ উৰা মাৰিলে ৰাজেন গোঁহাই

bharatiya janata party Govt of India indian national congress